Header Ads Widget

Responsive Advertisement

জীৱ জন্তুৰ বাবে সৰুপথাৰত জলকুণ্ড নিৰ্মাণ | Today assamese news | Sarupathar news today | News


পথৰ জীৱ জন্তুৰ বাবে জলকুণ্ড নিৰ্মাণ সৰুপথাৰ অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ।

সৰুপথাৰত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ অভিনৱ পদক্ষেপ। মহিলা সন্মিলনে উৎকট গৰমৰ মাজত পথত থকা গৰু=ছাগলীকে ধৰি বিভিন্ন জীৱ=জন্তুৱে যাতে অকণমান পানীৰ বাবে হাঁহাকাৰ কৰিবলগীয়া নহয় তাৰবাবে জলকুণ্ড নিৰ্মাণ কৰি জীৱজন্তুৱে পানী খোৱাৰ এক সুন্দৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, সৰুপথাৰ শাখাই সৰুপথাৰ নগৰৰ আৰক্ষী থানাৰ সমীপত এটি জলকুণ্ডৰ শুভাৰম্ভ কৰে। সংগঠনটোৱে সমগ্ৰ অসমত তিনি হাজাৰটা জলকুণ্ড নিৰ্মাণৰ সিদ্ধান্ত লৈছে আৰু সৰুপথাৰ নগৰত আৰু তিনি=চাৰিটা জলকুণ্ড নিৰ্মাণ কৰিব বুলি জানিবলৈ দিছে। মহিলাসকলে এই জলকুণ্ড নিৰ্মাণৰ বাবে ইটাৰ সলনি প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিছে। নিজ নিজ ঘৰৰ আশে=পাশে পৰি থকা বিভিন্ন প্লাষ্টিকৰ বটল সমূহ সংগ্ৰহ কৰি নানান পেলনীয়া পলিথিন, চিপচৰ পেকেট ইত্যাদি বটলৰ ভিতৰত ভৰাই পৰিৱেশ পৰিস্কাৰ আৰু প্ৰদূষণ মুক্ত কৰাৰ লগতে জীৱজন্তুৰো উপকাৰ সাধন কৰিছে। মহিলা সংগঠনটোৱে এনেধৰণৰ পদক্ষেপ হাতত লবলৈ সকলো ৰাইজকে আহ্বান জনাইছে।


 

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024