সৰুপথাৰত চাওঁতালী সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি।
আগন্তুক ২০২৬বৰ্ষৰ ৩১ জানুৱাৰী আৰু ১ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে সৰুপথাৰ ১নং টেঙাহোলা গাঁৱত অনুষ্ঠিত হব চাওঁতালী সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক অধিৱেশন। ইতিমধ্যে অধিবেশনৰ বাবে যাৱতীয় সকলোধৰণৰ প্ৰস্তুতি চলিছে। আজি সৰুপথাৰ নগৰস্থিত শিৱাজী ক্লাবত চাওঁতালী সাহিত্য পৰিষদৰ এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত অষ্টম বাৰ্ষিক অধিৱেশনৰ বাবে বোপাৰাম হাঁচদাক সভাপতি, প্ৰেমকান্ত চৰেণক উপঃসভাপতি, লক্ষীনাথ হেমৰমক কাৰ্যকৰী সভাপতি আৰু অৰুণ মাৰ্ডিক সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰে। আগন্তুক জানুৱাৰী মাহৰ ৩১তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখে অনুষ্ঠিত হবলগীয়া অধিৱেশনখনিত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, প্ৰতিনিধি সভা, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন বৰ্ণাঢ়্য কাৰ্যসূচী সম্পন্ন হব। সেয়েহে উদযাপন সমিতিয়ে উক্ত দিন দুটাত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো উপস্থিত আৰু সহায়-সহযোগিতা কামনা কৰিছে।
.jpg)
0 Comments