অংকিতা এন্টাৰপ্ৰাইজৰ সৌজন্যত শনিবৰীয়া আড্ডা।
সৰুপথাৰ নগৰৰ অংকিতা এন্টাৰপ্ৰাইজে জীৱনটোক উদযাপন কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। গীত-মাত, কবিতা, গল্প, সাধুকথা ভালপোৱা এখিনি মানুহৰ সৈতে জীৱনটোক উদযাপন কৰাৰৰ উদ্দেশ্যৰে প্ৰতিটো মাহৰ শেষৰ শনিবাৰটোৰ সন্ধিয়া আয়োজন কৰিবলৈ লৈছে "শনিবৰীয়া আড্ডাৰ"। বিগত ২৪মে শনিবাৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। সৰুপথাৰ নগৰৰ আৰক্ষী থানাৰ সন্মুখত থকা অংকিতা এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী তথা ধনশিৰি মহকুমাৰ বিশিষ্ট সাংবাদিক দ্বিপেন কুমাৰ বৰাৰ প্ৰচেষ্টাত গতানুগতিকতাৰ বিপৰীতে অনন্য ৰূপত আয়োজন কৰা শনিবৰীয়া আড্ডাটীৰ অতিথি আহ্বায়ক শিৱাশীষ শৰ্মাৰ নিমন্ত্ৰণ ক্ৰমে উপস্থিত হল সৰুপথাৰ অঞ্চলৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ, কবি, সাহিত্যিক আৰু সচেতন ব্যক্তি। সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই অনুষ্ঠানটিত শুভাৰম্ভণি অতিথি হিচাবে উপস্থিত থাকি মূল্যবান গল্পৰ বিষয়ে বিৱৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। প্ৰায় তিনিঘণ্টা যোৰা আড্ডাটিত সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰণৱ ঢ়েকিয়াল ফুকন, শিক্ষক অৰুণ ডেকা, বিশিষ্ট কবি স্পনানী গগৈ চেতিয়া, কবি তথা সাহিত্যিক মহেশ্বৰ বড়ো, চুতীয়া উন্নয়ন পৰিষদৰ অচ্যুত শইকীয়াকে ধৰি বহুকেইজন দল-সংগঠনৰ বিশিষ্ট ব্যক্তি আৰু সাংবাদিক উপস্থিত থাকে। গল্প, কবিতা আৰু বিভিন্ন কঠোপকথনেৰে শুভাৰম্ভণীৰ সন্ধিয়াটো জীপাল হৈ পৰে।
0 Comments