Header Ads Widget

Responsive Advertisement

নগা দুৰ্বৃত্তৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল উৰিয়ামঘাটবাসী | Assam nagaland border uriamghat news


নগা দুৰ্বৃত্তৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল উৰিয়ামঘাটবাসী ৰাইজ তথা দল-সংগঠন।


আজি উৰিয়ামঘাটত নগা দুৰ্বৃত্তৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল স্থানীয় ৰাইজকে ধৰি বিভিন্ন দল-সংগঠন। অসমৰ ভূমিত নগা দুৰ্বৃত্তই সঘনাই কৰা বিভিন্ন দুষ্কাৰ্যক লৈ জাঙুৰ খাই উঠিছে সকলো ৰাইজ। আজি উৰিয়ামঘাট চহৰৰ মাজমজিয়াত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ মিলি এক "বিশাল গণ হুংকাৰ"ৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত সৰুপথাৰ সমজিলাৰ বহুকেইটা দল-সংগঠনে ভাগ লোৱাৰ উপৰি সহস্ৰাধিক ৰাইজ একত্ৰিত হয়। অনুষ্ঠানটোত নগা দুস্কৃতিকাৰীৰ ওপৰত বৰ্তমান সময়লৈকে অসম চৰকাৰ বা প্ৰশাসনে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰে ৰাইজ আৰু চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। তেওঁলোকে সীমান্ত সুৰক্ষা দিয়াত সম্পুৰ্ণৰূপে অসম চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিহিত কৰে। আনহাতে উৰিয়ামঘাট চহৰত থকা চি চেক্টৰৰ ১৪২ বি এন চিআৰপিএফৰ কেম্পটো সেই স্থানৰ পৰা সীমান্তলৈ স্থানান্তৰ কৰিবলৈ অসম চৰকাৰক দাবী জনাই। অসম চৰকাৰ আৰু প্ৰশাসনে সীমান্ত অঞ্চলত শীঘ্ৰেই সকলো ধৰণৰ সমস্যা সমাধান নকৰিলে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলি উপস্থিত বিভিন্ন দল-সংগঠনসমূহে হুংকাৰ প্ৰদান কৰে আৰু ৮দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ প্ৰেৰণ কৰে।








 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale