Header Ads Widget

Responsive Advertisement

সৰুপথাৰ হস্পিতেলত কাপোৰ চুৰ কৰি হাতেলোটে ধৰা পৰিল চোৰ | Sarupathar News today | Today Assamese News


সৰুপথাৰ হস্পিতেলত কাপোৰ চুৰ কৰি হাতেলোটে ধৰা পৰিল চোৰ।

সৰুপথাৰত আজৱ ঘটনা। এইবাৰ সৰুপথাৰ সমূহীয়া চিকিৎসা কেন্দ্ৰত কাপোৰ চুৰ কৰি হাতেলোটে ধৰা পৰিল চোৰ। অভিযোগ মতে কিছুদিনৰ পৰা এজন চোৰে সৰুপথাৰ পদুমনিস্থিত সমূহীয়া চিকিৎসা কেন্দ্ৰত কাপোৰ চুৰ কৰি এক প্ৰকাৰৰ সন্ত্ৰাস চলাইছিল। চিকিৎসালয়ত কৰ্মৰত ব্যক্তি সকলে কাপোৰ বাহিৰত মেলিলেই লৈ যায়। পিছে আজি চোৰৰ ভাগ্য বেয়া। চুৰ কৰিবলৈ খাপ পাতি থাকোতেই স্থানীয় ৰাইজে হাতেলোটে ধৰি চোৰজনক সৰুপথাৰ আৰক্ষীক চমজাই দিয়ে। চোৰজনৰ নাম মহেশ চৰেণ বুলি গম পোৱা গৈছে। তেওঁৰ ঘৰ সৰুপথাৰৰ লটাজুৰিত।




 

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024