Header Ads Widget

Responsive Advertisement

সৰুপথাৰত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট || United Boro People's Forum Assam || Today Assamese News || News


সংযুক্ত বড়ো গণমঞ্চ অসমৰ উদ্যোগত সৰুপথাৰত বিভিন্ন দাবীৰে ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট।

ৰাজ্যৰ ২২খন জিলাৰ সমান্তৰালভাৱে আজি সৰুপথাৰতো সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংযুক্ত বড়ো গণমঞ্চ অসমৰ উদ্যোগত বিভিন্ন দাবীৰে ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে অৱস্থান ধৰ্মঘটৰ জড়িয়তে অসম চৰকাৰৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী আগবঢ়াই। প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান দিয়াৰ উপৰিও তেওঁলোকে কয় বড়ো শান্তি চু্ক্তি ৰূপায়ণৰ আজি চাৰিটা বছৰ অতিক্ৰম কৰাৰ পিছতো অসম চৰকাৰে শান্তি চুক্তিত থকা কোনো এটা দাবী পুৰণ নকৰিলে। গতিকে অসম চৰকাৰে বড়ো শান্তি চুক্তিত লিপিবদ্ধ থকা প্ৰতিটো দফা অতি শীঘ্ৰে কাৰ্যকৰী কৰক। ইয়াৰ উপৰি তেওঁলোকে অসম চৰকাৰৰ ওচৰত বড়োলেণ্ডৰ বাহিৰত অসমৰ ২২খন জিলাক লৈ বড়ো শান্তি চুক্তিৰ জৰিয়তে গঠন কৰা বড়ো স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত সম্পুৰ্ণ গাঁৱসমূহ চিনাক্ত কৰি সমষ্টি নিৰ্ধাৰণৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰা, বড়ো ৰেজিমেন্ট গঠন কৰা, বড়ো মাধ্যমৰ বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰা, কাৰ্বিআংলং আৰু ডিমা হাচাও অঞ্চলত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদান কৰা, বড়ো স্বায়ত্ব শাসিত পৰিষদৰ প্ৰয়োজন অনুসৰি পুঁজি আৱন্টন দিয়া ইত্যাদি কেইবাটাও গুৰুত্বমূলক দাবী পুৰণ কৰিবলৈ আহ্বান জনাই। তেওঁলোকে কয় আমি শান্তিপূৰ্ণভাৱে অৱস্থান ধৰ্মঘট কৰাতো চৰকাৰে যাতে দুৰ্বলতা বুলি নাভাবি অতি শীঘ্ৰে সকলো দাবী পুৰণ কৰে। অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো তেওঁলোকে অসম চৰকাৰ ওচৰত সকিয়নি প্ৰদান কৰে।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale