Header Ads Widget

Responsive Advertisement

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale



সৰুপথাৰত অনুষ্ঠিত হব Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale


সৰুপথাৰবাসী ৰাইজৰ বাবে এটা অত্যন্ত ভাল খবৰ। আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱন প্ৰাঙ্গনত পোনপ্ৰথমবাৰৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত হব সৰ্ববৃহৎ নৃত্য প্ৰতিযোগিতা  Northeast Best Dancer আৰু Northeast Fashion Star প্ৰতিযোগিতাৰ Semi Finale. ষ্টেপ আপ Dance একাডেমিৰ প্ৰশিক্ষক অক্ষয় পালে জনোৱা মতে ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে ১৮খনকৈ জিলাত Audition সম্পুৰ্ণ হৈছে। আনহাতে আগন্তুক ১৫ডিচেম্বৰ তাৰিখলৈকে অনলাইন Audition খোলা ৰাখিছে। গতিকে ইচ্ছুক প্ৰতিযোগীয়ে অনলাইন Auditionৰ বাবে তেওঁলোকৰ নৃত্যৰ ভিডিঅ’ সমূহ  7086208757 নম্বৰত প্ৰেৰণ কৰিব পাৰিব। Northeast Best Dancer আৰু Northeast Fashion Star প্ৰতিযোগিতাৰ চেমি ফিনালিৰ প্ৰথম দিনা অৰ্থাৎ ২৭ডিচেম্বৰ তাৰিখে অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সমজুৱাকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হব। লগতে  বিহু নৃত্য, সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ লগতে সন্ধিয়াৰ ভাগলৈ সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। আনহাতে ২৮ডিচেম্বৰ তাৰিখে হিন্দী আৰু অন্যান্য মডাৰ্ণ Dance সমূহ অনুষ্ঠিত হব। সৰুপথাৰবাসীৰ বাবে আৰু এটি ভাল খবৰ। এই সৰ্ববৃহৎ Northeast Best Dancer আৰু Northeast Fashion Star প্ৰতিযোগিতাখনৰ চেমি ফাইনেল হৈ যোৱাৰ পিছত আগন্তুক মাৰ্চ মাহৰ ২২তাৰিখে ফাইনেল প্ৰতিযোগিতাখনো সৰুপথাৰতে অনুষ্ঠিত হব। আৰু এই প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকিব ভাৰতবৰ্ষৰ এজন জনপ্ৰিয় নৃত্য প্ৰশিক্ষক তথা বিচাৰক ধৰ্মেশ। ষ্টেপ আপ Dance একাডেমিৰ  প্ৰশিক্ষক অক্ষয় পালে দীৰ্ঘদিন ধৰি এটা বৃহৎ নৃত্য অনুষ্ঠান আয়োজন কৰি উঠি অহা প্ৰজন্মক এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে মনতে সপোন পুহি ৰাখিছিল আৰু অৱশেষত তেওঁৰ ত্যাগ আৰু কষ্টৰ ফলত সেই সপোন পুৰ হবলৈ গৈছে। সেয়েহে তেওঁ সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু মৰম কামনা কৰিছে। লগতে সৰুপথাৰত আগন্তুক ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হবলগীয়া চেমি ফাইনেল আৰু ২২মাৰ্চত অনুষ্ঠিত হবলগীয়া ফাইনেল প্ৰতিযোগিতাখনত সকলো নৃত্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জানিবলগীয়া থাকিলে যোগাযোগ কৰিব পাৰিব 7086208757 মোবাইল নম্বৰত।

 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale