উৰিয়ামঘাট থানাৰ অন্তৰ্গত পূব সৰুপথাৰ পঞ্চায়তৰ দ=পথাৰ গাঁওৰ বুবুল গগৈ আৰু দিপালী গগৈৰ ঘৰত দিন দুপৰতে সংঘটিত হল ভয়ঙ্কৰ চুৰি কাণ্ড। জানিব পৰা মতে দেওবাৰে দিনৰ প্ৰায় চাৰে দহমান বজাত দ=পথাৰ গাঁওৰ বুবুল গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত চোৰে কাঁচিৰে দুৱাৰ কাটি চুৰিকাণ্ড সংঘটিত কৰে। ব্যক্তিজনৰ ঘৰৰ চৌ=কেচ, ট্ৰাংক আৰু সৰহ সংখ্যক বাকচৰ তলা ভাঙি প্ৰায় ৩০খন বোৱা ফুলাম গামোছা, নগদ ২২হাজাৰ টকা, সোণৰ খাৰু, সোণৰ থুৰীয়া, ৰূপৰ আঙঠি, মোবাইল ফোন এটা, পুৰণি পাটি পইছা তথা দিপালী গগৈৰ বিয়াৰ সময়ত মাকৰ ঘৰৰ পৰা দিয়া কাপোৰ=কানি, আ=অলংকাৰ লৈ যাই। চুৰিকাণ্ড সংঘটিত হোৱা সময়ত ঘৰত গৃহস্থ কোনো নাছিল। বিশেষ কামত উৰিয়ামঘাটলৈ বুলি ওলাই গৈছিল। পিছত ভতিজাকৰ পৰা খবৰ পাই ঘৰত উপস্থিত হয়। ইপিনে দিপালী গগৈয়ে তেওঁৰ সমস্ত বয়=বস্তু চুৰি হোৱাত কান্দোনত ভাঙি পৰিছে।
0 Comments