Header Ads Widget

Responsive Advertisement

sarupathar jayshree store news


কাৰ্টুনে কাৰ্টুনে ওলাইছে ম্যাদ ওকলা সামগ্ৰী। ম্যাদ ওকলা সামগ্ৰীৰে ভৰপুৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা জয়শ্ৰী ষ্টৰ নামৰ বিপণী। শনিবাৰে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে তেওঁৰ মজুত ৰখা গুদাম সমূহ পৰ্যবেক্ষণ কৰাত প্ৰতিটো গুদামত যথেষ্ট সংখ্যকে ম্যাদ ওকলা সামগ্ৰী পৰিলক্ষিত কৰে। অভিযোগ মতে বিপণীখনে ভাল ভাল সামগ্ৰীসমূহৰ লগত ম্যাদ উকলা সামগ্ৰী সমূহ সংমিশ্ৰণ কৰি অতি পৰিকল্পিত ভাৱে গ্ৰাহকক বিক্ৰী কৰি আহিছে। যিটো জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি অতি ভয়ঙ্কৰ। জনসাধাৰণৰ জীৱনৰ লগত হেতালি খেলা এনেকুৱাই কাৰ্যৰ ওপৰত জয় শ্ৰী স্তৰৰ কৰ্তৃপক্ষৰ বিৰোধে কঠোৰ পৰা কঠোৰতম ব্যস্ততা গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থাৰ দলটিয়ে অনুৰোধ জনাই। ইতিমধ্যেই সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই উক্ত বিষয়টোৰ ওপৰত সৰুপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দিয়াৰ লগতে ধনশিৰি মহকুমা প্ৰশাসন, গোলাঘাটৰ খাদ্য সুৰক্ষা বিভাগৰ লগত যোগাযোগ কৰে। সোমবাৰে বিপণীখনত সৰুপথাৰ আৰক্ষীৰ সৈতে গোলাঘাট জিলাৰ খাদ্য সুৰক্ষা বিষয়া শ্যামলী কলিতা উপস্থিত হয় আৰু বিপণীখন তথা গোদামঘৰ সমূহ পৰ্যবেক্ষণ কৰে। খাদ্য সুৰক্ষা বিষয়াই ছাত্ৰ সন্থাৰ অভিযোগ সত্য বুলি স্বীকাৰ কৰি বিপণীখনৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

 

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024