মঙ্গলবাৰে লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা সাংসদ কামাখ্যা প্ৰসাদ তাচা বৰপথাৰত উপস্থিত হৈ অখিল গগৈয়ে তেওঁক লৈ কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে। অখিল গগৈয়ে এই কথাটো কবলৈ কোনো প্ৰসঙ্গই নাই। অখিল গগৈৰ লগত কোনো মতলব নাই। অখিল গগৈৰ লগত মই ৰাজনীতি কৰা নাই। তেওঁ মোৰ বন্ধু হয় সহপাঠী। মই কালি দেখিছো, ফুটবল হোৱাত আপত্তি কি? গোটেই খেলখনততো ফুটবলটোৱেই মেইন বস্তু।
মঙ্গলবাৰে বৰপথাৰ নগৰৰ বিজেপি মণ্ডল কাৰ্যালয়ত সাংসদ গৰাকীক উষ্ম আদৰণি জনাই। ভাৰতীয় জনতা পাৰ্টীৰ বৰপথাৰ মণ্ডলৰ অন্তৰ্গত বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকলে সকলোৱে সাংসদগৰাকীক সম্বৰ্ধনা জনাই। সাংসদ গৰাকীয়ে কাৰো নিৰ্দেশলৈ অপেক্ষা নকৰি নিজৰ নিজৰ ভাল কামসমূহ কৰি যাবলৈ বৰপথাৰ অঞ্চলৰ বিজেপিৰ সকলো কাৰ্যকৰ্তাক অনুতোধ জনাই। লগতে বিৰোধী শূণ্যৰ দিশে গতি কৰিছে বুলি মন্তব্য কৰে।
0 Comments