Header Ads Widget

Responsive Advertisement

উৰিয়ামঘাটৰ সোণাপুৰ মাহমুদীয়া খানকাহত সম্বৰ্ধনা অনুষ্ঠান || Uriamghat Sonapur khankah News 2025


উৰিয়ামঘাটৰ সোণাপুৰ মাহমুদীয়া খানকাহত সম্বৰ্ধনা অনুষ্ঠান।

অসম-নগালেণ্ড সীমান্তৰ সোণাপুৰ অঞ্চলত বহু দিন ধৰি ইচলাম ধৰ্মাৱলম্বী লোকসকলৰ আধ্যাত্মিক দীক্ষা আৰু বিভিন্ন দিক সম্পৰ্কে শিক্ষাদান আগবঢ়োৱা কেন্দ্ৰস্বৰূপ আধ্যাত্মিক পাঠশালা খানকাহত দেওবাৰে এটি বিশেষ সম্বৰ্ধনা আৰু মানপত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত শৈক্ষিক আৰু আধ্যাত্মিক দিশত বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা আলিম, হাফিজ, মুক্তি তথা বিভিন্ন উচ্চ শিক্ষাৰে সমাজৰ নাম উজলাবলৈ সক্ষম হোৱা কৃতি ছাত্ৰসকলৰ মাজত এই সম্বৰ্ধনা আৰু মানপত্ৰ বিতৰণ কৰে। এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সমাজত বিশেষ কৃতিত্ব অৰ্জন কৰা লোকসকলক উৎসাহিত কৰাৰ লগতে উঠি অহা নৱপ্ৰজন্মইও যাতে তেওঁলোকৰ কৃতিত্বত অনুপ্ৰাণিত হৈ সেই বাটেৰেই আগবাঢ়ি গৈ সমাজখনৰ নাম জিলিকাই তুলিব পাৰে তাৰবাবেই এই অনুষ্ঠানৰ আয়োজন কৰে।


 

Post a Comment

0 Comments

Sarupathar Live