Header Ads Widget

Responsive Advertisement

ধুমুহাত বহুতো ঘৰ, দোকান ভাঙি চোৰমাৰ, সৰুপথাৰত বৰদৈচিলাৰ তাণ্ডৱ || Sarupathar Big Breaking News 2025


সৰুপথাৰত বৰদৈচিলাৰ তাণ্ডৱ। ধুমুহাত বহুতো ঘৰ, দোকান ভাঙি চোৰমাৰ।

সৰুপথাৰত বৰদৈচিলাৰ তাণ্ডৱ। এজাক কাল ধুমুহাই বিস্তৰ ক্ষতি কৰিলে কেইবাখনো গাঁৱৰ। দুপৰীয়া প্ৰায় ১২:৩০ বজাত অহা এজাক কাল ধুমুহাই সৰুপথাৰ অঞ্চলৰ গন্ধকৰৈ, টেঙাহোলা গোঁহাই গাঁও, ইকৰাণিকি ধৰি বহুকেইখন গাঁৱত তচনচ কৰে এই ধুমুহাই। বহু সংখ্যক ঘৰ ভাঙি চোৰমাৰ কৰাৰ লগতে বিদ্যুৎ পৰিবাহী তাৰত গছভাঙি পৰাৰ ফলত ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে কেইবাখনো দোকানৰ টিনপাত উৰুৱাই ইকৰাণি পথাৰৰ বহু দুৰ দুৰণিলৈ লৈ যায়। গৰু বিহুৰ আগদিনাখন প্ৰকৃতিৰ এই তাণ্ডৱ লীলাৰ ফলত অসমীয়া ৰাইজৰ মন সেমেকি যোৱাৰ লগতে কিছু কিছু লোকৰ থকা ঘৰটো ভাঙি নিয়াৰ বাবে শোকত ভাঙি পৰিছে। ইফালে বহু লোকৰ ভঁৰাল ঘৰো ভাঙি তচনচ কৰে।


 

Post a Comment

0 Comments

Sarupathar Live