পুনৰ প্ৰতিবাদত কপি উঠিল সৰুপথাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়।
পুনৰ উত্তাল প্ৰতিবাদত কপি উঠিল সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ বন্ধ কৰাৰ দাবীৰে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ আৰু বৰপথাৰ শাখাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাগিচাত কৰ্মৰত সমূহ চাহ শ্ৰমিকৰ লগতে সৰুপথাৰ আৰু বৰপথাৰ অঞ্চলৰ সকলো সৰ্বসাধাৰণ ৰাইজৰ ঘৰৰ পৰা অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ সমূহ আতৰাই নিবলৈ দাবী জনাই। তেওঁলোকে কয় চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাত অসম চৰকাৰৰ কোনো গুৰুত্ব নাই কিন্তু স্মাৰ্ট মিটাৰৰ জৰিয়তে তেজ শুহি খাবলৈ চৰকাৰখনে উঠি পৰি লাগিছে। প্ৰতিবাদথলীত সংগঠনটিয়ে অসম চৰকাৰ হায় হায়, বিজেপি গ' বেক, শক্তি মন্ত্ৰীৰ কাম নাই, আটছা জিন্দাবাদ ইত্যাদি শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। লগতে কয় অনাগত সাত দিনৰ ভিতৰত বিদ্যুৎ বিভাগে যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেন্তে সমগ্ৰ ৰাজ্যজুৰি ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়ণি প্ৰদান কৰে।
0 Comments