অসম কুংফুৰ প্ৰতিষ্ঠাপক চিফু ৰাজকুমাৰৰ শেষকৃত্য সম্পন্ন।
এসময়ত কুংফুৰ জগতখনত দপদপাই থকা গ্ৰেণ্ড মাষ্টাৰ চিফু ৰাজকুমাৰ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ বি বৰুৱা হস্পিতালত চিকিৎসাধীন হৈ আছিল আৰু সোমবাৰে বিয়লি তেখেতৰ দেহাৱসান ঘটে। চিফু ৰাজকুমাৰে কেইবাটাও দশক জুৰি অসমত কুংফুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈছিল। তেখেত অসম কুংফু স্পৰ্টছ এছচিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে অল ইণ্ডিয়া কুংফু ফেডাৰেশ্যনৰ উপ=সভাপতি আছিল। কিংফুৰ বাবেই জীৱনত চিফু ৰাজকুমাৰে বহুতো ত্যাগ স্বীকাৰ কৰিছিল। সমগ্ৰ ধনশিৰি মহকুমাৰ লগতে বিগত বহু বছৰ ধৰি বোকাজান অঞ্চলত চিফু ৰাজকুমাৰে সহশ্ৰাধিক ছাত্ৰ=ছাত্ৰীক কুংফুৰ প্ৰশিক্ষণ প্ৰদান কৰি সফলতাৰ দিশত আগুৱাই নিছিল। আজি সৰুপথাৰ অঞ্চলৰ প্ৰেমহৰা স্থিত ৰুদ্ৰ তিনিআলিত থকা তেখেতৰ নিজা বাসভৱনত চিফু ৰাজকুমাৰৰ শেষকৃত্য সম্পন্ন কৰে। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগতে সমগ্ৰ অসমৰ লগতে বোকাজান আৰু ধনশিৰি মহকুমাৰ প্ৰতিগৰাকী শিষ্য শোকত ম্ৰিয়মাণ হৈ পৰে আৰু শেষকৃত্য অনুষ্ঠানত সৰুপথাৰ ৰুদ্ৰ তিনিআলিৰ বাসভৱনত শতাধিক গুণমুগ্ধৰে ভৰি পৰে।
0 Comments