অসমৰ ৭০খন মঞ্চত পুৰস্কাৰ বুটলি অভিলেখ গঢ়া কণমানি বিদ্যাদীপ্তা
সমগ্ৰ ধনশিৰি মহকুমাতে বৰ্তমান বিশেষভাৱে চৰ্চিত হোৱা এগৰাকী প্ৰতিভাশীল কণমানি। কণমানি গৰাকীৰ বিষয়ে যিমান প্ৰশংসা কৰিলেও কম হব। নাম বিদ্যাদীপ্তা বৰুৱা। ঘৰ উৰিয়ামঘাট অঞ্চলৰ জোনাকীপথাৰত। বৰ্তমান গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰী। তাই সৰুৰে পৰাই আকাশ চুবৰ মন। অতি মৰমিয়াল আৰু হাঁহিমুখীয়া বিদ্যাদীপ্তাই এইবাৰ বিহুৰ মঞ্চত গঢ়িলে অভিলেখ। অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ৭৫খন মঞ্চত "সৰু বিহুৱতী" নাচি ৭০খন মঞ্চতেই পুৰস্কাৰ বুটলি উৰিয়ামঘাট জোনাকীপথাৰৰ লগতে সমগ্ৰ ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে। ৭০খন মঞ্চৰ ভিতৰত দুলীয়াজান বিহু মঞ্চত বিদ্যাদীপ্তাই "বসন্ত কুঁৱৰী=২০২৪" খিতাপ লাভ কৰে। লগতে ৫২খন বিহু মঞ্চত শ্ৰেষ্ঠ সৰু বিহুৱতীৰ খিতাপ লাভ কৰে। আনহাতে পোন্ধৰখন মঞ্চত দ্বিতীয় আৰু তিনিখন মঞ্চত তৃতীয় স্থান লাভ কৰে। বৰ্তমান বিদ্যাদীপ্তাৰ ঘৰ বঁটা=বাহনে ঠাহ খাই পৰিছে। জোনাকীপথাৰ নিবাসী মানিক বৰুৱা আৰু জয়া বৰুৱাৰ কণিষ্ঠা কন্যা বিদ্যাদীপ্তা কেৱল বিহুতেই পাকৈত নহয়। তাইৰ আছে আৰু অনেক প্ৰতিভা। ২০২২চনত মায়ানগৰী মুম্বাইত অনুষ্ঠিত মডেল কম্পিটিশ্বনত অংশগ্ৰহণ কৰি "মিচ কিড প্ৰিণ্ট এচডি ইউনিভাৰ্ছ" খিতাপ লাভ কৰিছিল। তাই একেধাৰে সত্ৰীয়া নৃত্য, সৃষ্টিশীল নৃত্য, বৰগীত পৰিৱেশন কৰিও নিজ বিদ্যালয়ৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বহুবাৰ পুৰস্কৃত হৈছে। কণমানিজনীয়ে বিহু শিকিবলৈ প্ৰথম মাহীয়েকৰ লগত জপৰাজান অঞ্চলত গৈ এটি কৰ্মশালাত ভাগ লৈছিল। পিছত উৰিয়ামঘাটত অনুষ্ঠিত এটি বিহু কৰ্মশালাত ডি ৱাই বিহুৰাণী মণিকাঞ্চন কোঁৱৰৰ ওচৰত নিজ বায়েকৰ সৈতে বিহু শিকিছিল। তাইৰ প্ৰথম গুৰু আছিল প্ৰাঞ্জলিকা হাজৰিকা। তেতিয়াৰে পৰা বিদ্যাদীপ্তাই পিছলৈ মুৰ কৰা নাই। বিগত তিনিবছৰে ধাৰাবাহিকভাৱে অসমৰ বিভিন্ন প্ৰান্তত বিহু নাচ প্ৰদৰ্শন কৰি গৈছে। পিতৃ=মাতৃ আৰু বায়েকে তাইৰ প্ৰতিটো খোজত সহযোগিতা আৰু উৎসাহ জগাই তাইক আগুৱাই নিছে। পিতৃ=মাতৃয়ে জনোৱা মতে তাই বিহু নচা দলটোৰ নাম হৈছে "কুঁহিপাত"। লগতে কয় কুঁহিপাত বিহু দলটিৰ বাবেই বিদ্যাদীপ্তাই এইদৰে আগুৱাই যাব পাৰিছে। কুঁহিপাত দলটোত থকা স্থানীয় তথা গোলাঘাট আৰু শিৱসাগৰ অঞ্চলৰ মাইনা, চুড়ামণি, প্ৰাঞ্জল, লক্ষী, নৱ, অভিজিত, পাপু আৰু দিপাঙ্কৰে বিদ্যাদীপ্তাক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট ত্যাগ কৰিছিল। জোনাকীপথাৰলৈ জোনাক নমাই অনা বিদ্যাদীপ্তাই আকাশ চুম্বি শীৰ্ষৰ পৰা শীৰ্ষলৈ গতি কৰিবলৈ সকলো ধনশিৰিবাসী ৰাইজে তাইক মৰম আৰু আশীৰ্বাদেৰে উপচাই তুলিছে। এইদৰেই বিদ্যাদীপ্তা আগবাঢ়ি গৈ থাকিলে এদিন নিশ্চয় বিশ্বজয় কৰিব। তাইৰ সফলতাত সমগ্ৰ ধনশিৰি মহকুমাৰ লগতে গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ সকলো শিক্ষক=শিক্ষয়িত্ৰী গৌৰৱান্বিত।
0 Comments