সৰুপথাৰ নগৰৰ সাজিদ ষ্টৰ নামৰ মোবাইল দোকানত চুৰৰ চাফাই অভিযান।
সৰুপথাৰ নগৰৰ ৰেল'ৱে ক্ৰচিংৰ সমীপত থকা সাজিদ ষ্টৰ নামৰ এখন মোবাইল বিপণীত চুৰে চলালে চাফাই অভিযান। সাজিদ আহমেদ নামৰ স্বত্বাধিকাৰীজনে জনোৱামতে তেওঁ আজি ১০:৩০ বজাত দোকান খুলিবলৈ আহি দোকানৰ তলা খুলি ভিতৰত প্ৰবেশ কৰি দেখিলে তেওঁৰ দোকানৰ বস্তুসমূহ বিশৃংখল অৱস্থাত পৰি আছে আৰু বহুতো সামগ্ৰী নাই। দোকানৰ ওপৰফালে টিনপাত খুলি চুৰে তেওঁৰ দোকানৰ কিপেড মোবাইল, টেম্পাৰ গ্লাচ, চাৰ্জাৰ, পাৱাৰ বেংক, দামী দামী হেডফোনকে ধৰি বহুতো সামগ্ৰী লৈ যায়। ইতিমধ্যে সাজিদ আহমেদে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
0 Comments