সৰুপথাৰত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ৰছি টনা আৰু টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত।
সৰুপথাৰত গোলাঘাট জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত আৰু গোলাঘাট ভাৰত্তোলন সন্থা তথা ধনশিৰি কচিং চেন্টাৰৰ সহযোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। হকীৰ যাদুকৰ নামেৰে খ্যাত মেজৰ ধ্যানচন্দৰ ওপজা দিনটোত সৰুপথাৰ মিনি ষ্টেডিয়ামত ৰছী টনা আৰু টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। শতাধিক ছাত্ৰ=ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা কেইটাৰ ৰছী টনা প্ৰতিযোগিতাত সৰ্বমুঠ ৬টা দলে পুৰুষৰ দুটা আৰু মহিলাৰ চাৰিটা দলে অংশগ্ৰহণ কৰে। আনহাতে টেকেলি ভঙা প্ৰতিযোগিতাটো যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ৰছি টনা প্ৰতিযোগিতাত দলকেইটাৰ মাজত ভাল প্ৰতিদন্দিতা হয়। দুয়োটা প্ৰতিযোগিতায়ে সকলোকে সুন্দৰ আমোদ প্ৰদান কৰে। উক্ত প্ৰতিযোগিতা কেইটা সফলভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত ধনশিৰি ভাৰত্তোলন সন্থাৰ হৈ প্ৰশিক্ষক শান্তনু গগৈৰ লগতে কেইবাজনো ৰাষ্ট্ৰীয় খেলুৱৈ তথা শাৰীৰিক নিৰ্দেশকে সহযোগিতা আগবঢ়াই।
0 Comments