Header Ads Widget

Responsive Advertisement

A wonderful by cycle at sarupathar



 সৰুপথাৰ নগৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা তথা ব্যৱসায়ী অমৰেন্দ্ৰ চন্দ্ৰ পালে আজিৰ পৰা ১৮ বছৰ পূৰ্বেই আৱিস্কাৰ কৰিছিল "অমৃত ৰস" নামৰ এবিধ বিশেষ পানীয়। অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে উচ্চ প্ৰশংসা কৰা এইবিধ পানীয় কিন্তু কেৱল প্ৰশংসাতে সীমাবদ্ধ থাকিল। আৰ্থিকভাৱে দুৰ্বল তথা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা ৭২বছৰীয়া ব্যক্তিজনে তেওঁৰ পানীয়বিধক বিশ্ব দৰবাৰত ফেৰ মাৰিবলৈ সামথ্য গোটাব নোৱাৰিলে। তথাপিও হাৰ মনা নাই ব্যক্তিজন। নিজ মনৰ সন্তুষ্টিৰ বাবে সাজি উলিয়ালে তিনিবিধকৈ মেচিন। মেচিনকেইটাৰ নাম থলে ৰস:ৰাজ, আমৃতাচ আৰু চিকন্দৰ। এই আমৃতাচ আৰু ৰস:ৰাজ মেচিনৰ দ্বাৰা বিভিন্ন ফলমূল চেপি নানান পানীয় প্ৰস্তুত কৰা হয়। আৰু চিকন্দৰ মেচিনৰ সহায়ত পেলনীয়া জাবৰ জাতীয় সামগ্ৰী কাটিবৰ বাবে ব্যৱহাৰ হয়। ইয়াৰ উপৰিও অমৰেন্দ্ৰ চন্দ্ৰ পালে এখন চাইকেলত দুডালকৈ চেইন ফিট কৰি নতুন ৰূপত সাজি উলিয়ালে। চাইকেলখন আন চাইকেলৰ তুলনাত যথেষ্ট কোমল আৰু বেছিকৈ স্পীডত চলাব পাৰি। অমৰেন্দ্ৰই কয় মহিলাসকল আগবাঢ়ি আহিলে তেওঁ সাজি উলিওৱা মেচিনৰ সহায়ত পানীয়ৰ সুন্দৰ ব্যৱসায় কৰি বহু পৰিমাণে টকা উপাৰ্জন কৰিব পাৰিব। প্ৰয়োজনত তেওঁ সকলোধৰণৰ সহায় কৰিব বুলিও মন্তব্য কৰে।


Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024