কুকুৰ মাংসৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ সজাগতাৰে ধনশিৰি চাইকেল ক্লাবৰ চাইকেল ৰেলী
ধনশিৰি চাইকেল ক্লাবৰ ব্যতিক্ৰমী পদক্ষেপ। দেওবাৰে পুৱা ৫.৩০বজাত ধনশিৰি চাইকেল ক্লাবে ধনশিৰি মহকুমাত যি কুকুৰৰ মাংসৰ চোৰাং ব্যৱসায় চলি আছে আৰু কোনো দুষ্ট চক্ৰই যিকোনো মানুহৰ অতি মৰমৰ পোহনীয়া কুকুৰ চোৰ কৰি চুবুৰীয়া ৰাজ্য সমূহলৈ সৰবৰাহ কৰি আছে সেইসমূহ বন্ধ কৰাৰ স্বাৰ্থত সৰুপথাৰ আৰক্ষী থানাৰ সন্মুখৰ পৰা নামবৰ হাবিৰ গৰমপানীলৈকে তথা পুনৰ গৰমপানীৰ পৰা বৰপথাৰ হৈ সৰুপথাৰলৈ প্ৰায় ৭৫কি:মি: বাট চাইকেল চলাই জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰে। যিহেতু এনেধৰণৰ বিষয় বস্তুত সাধাৰণতে কোনো ধৰণৰ সজাগতামুলক পদক্ষেপ লোৱা দেখা নাযায়, সেইবাবেই ধনশিৰি চাইকেল ক্লাৱে এই সজাগতামুলক চাইকেল ৰেলী উলিয়াই। ইয়াৰ উপৰিও ধনশিৰি চাইকেল ক্লাবৰ সদস্য সকলে প্ৰতি দিনেই পুৱাৰ ভাগত ধাৰাবাহিকভাৱে ৪০/৫০কি:মি: বাট চাইকেল মাৰি সকলোকে সু=স্বাস্থ্যৰ অধিকাৰী কৰাত উৎসাহিত কৰি আহিছে। দেওবাৰৰ এই সজাগতামুলক চাইকেল ৰেলীত ধনশিৰি চাইকেল ক্লাৱৰ অন্যতম সক্ৰিয় সদস্য তথা ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা, সৰুপথাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া জিতুমণি ডেকা আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক সত্যব্ৰত দত্তই দলটোৰ নেতৃত্ব বহন কৰে।
0 Comments