ধনশিৰি মহকুমাৰ বজালবাৰীত অৱস্থিত দাৰুল উলুম বজালবাৰী মাদ্ৰাছা প্ৰাঙ্গনত দুদিনীয়াকৈ ৪ আৰু ৫ফেব্ৰুৱাৰী তাৰিখে আয়োজন কৰা বিশাল দ্বীনি জলছাৰ ৰবিবাৰে সফল সমাপ্তি ঘটে। বিশ্ব শান্তিৰ বাবে আয়োজন কৰা এই দ্বীনি জলছাত ধনশিৰি মহকুমাৰ লগতে বিভিন্ন প্ৰান্তৰ অহা ৰাইজৰ উপস্থিতিত লোকে লোকাৰণ্য হৈ পৰে বজালবাৰী মাদ্ৰাছা প্ৰাঙ্গন। সুদীৰ্ঘ দহ বছৰৰ পিছত আয়োজন কৰা এই দ্বীনি জলছাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰা শুভাৰম্ভ কৰে। অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি মাদ্ৰাছা ছাত্ৰসকলৰ মাজত উজনি অসম ভিত্তিত মুছাবাকাতুল কুৰআন প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে। এই জলছা অনুষ্ঠানত প্ৰায় ১৫জনকৈ হাফিজক পাগুৰি প্ৰদান কৰে আৰু শেষৰ কাৰ্যসূচী হিচাবে মুকলি সভা অনুষ্ঠিত কৰি নানান বিষয়ৰ আলোচনাৰ লগতে বিশ্ব শান্তিৰ বাবে সমূহীয়া প্ৰাৰ্থনা কৰে।
0 Comments