সৰুপথাৰ সমষ্টিৰ বৃহত্তৰ টেঙানী অঞ্চলত থকা শ্ৰীশ্ৰী বেঙেনাআটী শাখা সত্ৰলৈ মাজুলীৰ শ্ৰীশ্ৰী বেঙেনাআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভুৰ শুভ আগমন ঘটিব। সেয়েহে আগন্তুক ফাগুণ মাহৰ ২, ৩, ৪, ৫ আৰু ৬ আৰু ইংৰাজী ১৫, ১৬, ১৭, ১৮ আৰু ১৯ ফেব্ৰুৱাৰী তাৰিখে পাঁচ দিনীয়াকৈ গীতা পাঠ আৰু বাখ্যাৰ বৃহৎ আয়োজন কৰিছে। টেঙানী শ্ৰীশ্ৰী বেঙেনাআটী শাখা সত্ৰৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা টেঙানীবাসী ৰাইজৰ সহযোগত আৰু টেঙানীৰ ৪২টা খেল লগ লাগী আয়োজন কৰা এই গীতা পাঠ আৰু বাখ্যা অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি পবিত্ৰ দিনকেইটাত সকলো ভকত বৈষ্ণৱ ৰাইজৰ উপস্থিতিত ক্ষেত্ৰ পৰিষ্কৰণ, বন্তি প্ৰজ্বলন, ধৰ্ম ধ্বজা উত্তোলন, বৃক্ষৰোপণ, গুৰু আদৰণি, নাম প্ৰসঙ্গৰ লগতে শৰণ ভজন আৰু শৰণীয়া ভজনীয়া সকলৰ নাম পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছে। তদুপলক্ষে উক্ত অনুষ্ঠানৰ বাবে টেঙানী জকাইচুক গাঁওৰ শ্ৰীশ্ৰী বেঙেনাআটী শাখা সত্ৰ আৰু সত্ৰীয়া কৃষ্টি সংস্কৃতি বিকাশ কেন্দ্ৰৰ সত্ৰ পৰিচালনা সমিতি, উদযাপন সমিতি আৰু আদৰণি সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে ৪২টা খেলৰ সকলো পুৰুষ=মহিলা একত্ৰিত হৈ সকলোৱে মিলাপ্ৰীতি আৰু বুজাপৰাৰ মাজেৰে হাতে কামে লাগি যোৰদাৰ প্ৰস্তুতি চলাইছে। মনুষ্যৰ মনৰ কলুষতা আঁতৰাই মানৱ জীৱনৰ সাৰ্থকতা উপলব্ধি কৰাই শান্তিৰ নিজৰা প্ৰবাহিত কৰি সকলো লোকৰে সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা এই অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে সকলো ভকত বৈষ্ণৱ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছে।
0 Comments