সৰুপথাৰত জনজাতিকৰণৰ দাবীৰে আটাছুৰ জোঁৰ সমদলেৰে উত্তাল প্ৰতিবাদ।
চৰকাৰ বিৰোধী শ্লোগানেৰে কপি উঠিল সৰুপথাৰ নগৰ। সদৌ তাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বুধবাৰে সন্ধিয়া ৭মান বজাত তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সৌজন্যত সৰুপথাৰ নগৰত এক জোঁৰ সমদল প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে। সৰুপথাৰ সমজিলা সমিতিৰ উদ্যোগত আৰু সৰুপথাৰ সমজিলা তাই আহোম মহিলা পৰিষদৰ সহযোগত সৰুপথাৰ অঞ্চলৰ সমূহ তাই আহোম দল সংগঠন আৰু ৰাইজৰ সহযোগত ৰূপায়ণ কৰা জোঁৰ সমদলটোত প্ৰায় পাঁচ শতাধিক লোকে ভাগ লয় আৰু পি.এম. শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা কুশল ভৱন হৈ সৰুপথাৰ নগৰৰ গান্ধী মূৰ্তিৰ সমীপত সামৰণি মাৰে। প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে-কাৰ্ড লৈ আটাছুৰ সদস্য সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে সৰুপথাৰ নগৰৰ সম্পুৰ্ণ পৰিৱেশ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত আটাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক ভাস্কৰ বুঢ়াঁগোহাই আৰু কাৰ্যনিৰ্বাহক সদস্য পৱনজ্যোতি গগৈকে ধৰি বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

0 Comments