সৰুপথাৰত অসমৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন পালন কৰিলে ধনশ্ৰী নিৰ্মাণ গোটে।
কায়িক ভাবে জুবিন গাৰ্গ নাথাকিলেও বৃহত্তৰ অসমীয়া জাতিয়ে তেওঁক জীয়াই ৰাখিবলৈ বিভিন্ন প্ৰচেষ্টা চলাইছে। জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, মানৱতাবাদৰ দৰ্শন প্ৰতিজন অসমীয়াই অণুকৰন কৰি তেওঁ বিচৰা বাটেৰেই বাট বুলিছে অসমবাসীয়ে। মঙ্গলবাৰে ধনশ্ৰী নিৰ্মাণ গোটে সৰুপথাৰ নগৰৰ মাজমজিয়াত, গান্ধী মূৰ্তিৰ সমীপত প্ৰাণৰ শিল্পী গৰাকীৰ ৫৩সংখ্যক জন্ম দিনটোত কেইবাটাও বিশেষ অনুষ্ঠানৰ দ্বাৰা পালন কৰে। সৰুপথাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াৰ নেতৃত্বত "ধনশ্ৰী নিৰ্মাণ গোটে" জুবিন গাৰ্গৰ ওপজা দিনত হিয়াৰ আমঠু গৰাকীক স্মৰণ কৰি ৫৩গচি বন্তি প্ৰজ্বলন কৰে। জুবিন গাৰ্গে যিধৰণে জাতি ধৰ্ম বিচাৰ কৰা নাছিল ঠিক তেনেদৰেই ধনশ্ৰী নিৰ্মাণ গোটে সৰুপথাৰ সমজিলাত বসবাস কৰা কেইবাটাও জনগোষ্ঠীৰ লোকক নিমন্ত্ৰণ কৰি আনি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰে। প্ৰিয়ম বৰচুতীয়াই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলনৰ পিছতেই সুশীল শইকীয়াৰ এটি দলে জুবিন গাৰ্গ কণ্ঠত নিগৰিত হোৱা দিহানাম পৰিৱেশন কৰি সকলো লোককে মন্ত্ৰমুগ্ধ কৰি তোলে। পৰৱৰ্তী সময়ত স্থানীয় বহুকেইগৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ ওপজা দিনটোত তেখেতক সোঁৱৰি গীত পৰিৱেশন কৰে। আনহাতে অনুষ্ঠানটিত সৰুপথাৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰেমকান্ত বৰা আৰু বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই জুবিন গাৰ্গৰ মানৱতাবাদ আৰু জীৱন পৰিক্ৰমাৰ ওপৰত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ শেষৰ ফালে ধনশ্ৰী নিৰ্মাণ গোটে জুবিন গাৰ্গে বিচৰা ধৰণেই ৫৩গৰাকী বিশিষ্ট ব্যক্তিক একোটিকৈ নাহৰ পুলি বিতৰণ কৰে আৰু সদৌ শেষত সমূহীয়াভাৱে মায়বিনী গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে।

0 Comments