Header Ads Widget

Responsive Advertisement

সৰুপথাৰত ৫০কেজিতকৈও অধিক প্লাষ্টিক জব্দ | Sarupathar latest news | Today assamese news | News



প্লাষ্টিক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে সষ্টম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু সৰুপথাৰ পৌৰসভা :  সৰুপথাৰ নগৰত প্লাষ্টিক ব্যৱহাৰকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে সষ্টম ৰূপত থিয় দিছে সৰুপথাৰ পৌৰসভা আৰু গোলাঘাট জিলা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড। সৰুপথাৰ পৌৰসভাই জিলা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু স্থানীয় আৰক্ষীৰ সহযোগত সৰুপথাৰ নগৰৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহত প্লাষ্টিক ব্যৱহাৰকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে এক কঠোৰ অভিযান চলাই আৰু উক্ত অভিযানত ৫০কেজিতকৈও অধিক প্লাষ্টিক জব্দ কৰিবলৈ সক্ষম হয়। সৰুপথাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নিকিতা বৰুৱাই কয় প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এইসমূহ অবৈধ বস্তু বন্ধ কৰাটো অতি আৱশ্যক। সমগ্ৰ অভিযানটোত সৰুপথাৰ পৌৰসভাই সৰ্বাধিক প্লাষ্টিক ব্যৱহাৰকাৰী ব্যৱসায়ীৰ পৰা প্লাষ্টিকসমূহ জব্দ কৰাৰ লগতে জৰিমনাও বিহে। ভৱিষ্যতে কোনো ব্যৱসায়ীয়ে যাতে প্লাষ্টিক ব্যৱহাৰ নকৰে তাৰবাবে বিষয়া গৰাকীয়ে সকলো ব্যৱসায়ীক আহ্বান জনাই।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024