Header Ads Widget

Responsive Advertisement

সৰুপথাৰ আঞ্চলিক সমিতিৰ প্ৰশংসনীয় পদক্ষেপ | Today assamese news | Sarupathar aamsu news 2024 | News


ঘৰে ঘৰে শিক্ষা,তেতিয়াহে ৰক্ষা শীৰ্ষক শ্লগাণৰে গোলাঘাট জিলা আমছু  সৰুপথাৰ আঞ্চলিক সমিতিৰ প্ৰশংসনীয় পদক্ষেপ 

ঘৰৰ আৰ্থিক অনাটনৰ বাবে শিক্ষা সমাপ্ত কৰি ঘৰতে বহি থকা সৰুপথাৰ খনিকৰ গাওঁৰ প্ৰয়াত ৰফিক আলিৰ দুই কন্যা মিছ ছাহিন বেগম আৰু ৰুকছানা বেগমক সৰুপথাৰ আঞ্চলিক আমছুৱে শিক্ষাৰ সকলো ব্যৱস্থা কৰি দিছিল প্ৰায় দুই বছৰৰ পূৰ্বে ৷
আজি দুয়োগৰাকী ছাত্ৰীয়ে HSLC ৰ পৰীক্ষাত দ্বিতীয় বিভাগত সুখ্যাতিৰে উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল 🙏
আজি আমছুৰ বিষয়ববীয়া সকলে তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ দুয়োগৰাকী ছাত্ৰীক একোখনকৈ ফুলাম গামোচাৰে সম্বোধনা জনোৱাৰ লগতে কিছু আৰ্থিক সহায্য প্ৰদান কৰাৰ উপৰিও উচ্চ শিক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা আমছুৱে কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। 
আমি ছাত্ৰী দুগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। 
“ঘৰে ঘৰে শিক্ষা,তেতিয়াহে ৰক্ষা” শীৰ্ষক আমছুৰ এই শ্লগাণে প্ৰতিটো পৰিয়ালক আকোৱালি লওঁক আৰু শিক্ষাৰ পোহৰে সমাজ খন আলোকিত হওঁক তাৰে কামনা কৰো ৷


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024