Header Ads Widget

Responsive Advertisement

বৰপথাৰত টাই নৱবৰ্ষৰ আদৰণি অনুষ্ঠান//Poi Pee Mau Tai 2120 Celebration//Barpathar Poi Pee Mau Tai 2120


বৰপথাৰ দুৱৰণী শ্যাম গাৱঁত টাই নৱবৰ্ষৰ আদৰণি অনুষ্ঠান পয় পি মাউ টাই উদযাপন কৰা হয়।


আজি ২০ নৱেম্বৰ তাৰিখে আৰম্ভ হয় ২১২০ টাই বৰ্ষ৷উল্লেখ্য যে, অসমত বাস কৰা টাই সকলৰ টাই খামটি ,মান(টাই ভাষী) তাই ফাকে, টাই খাময়াং,টাই আইতন,টাই তুৰুং এই ছয় জনগোষ্ঠীৰ লোকসকলে পালন কৰে এই এই পয় পি মাউ টাই উৎসৱ।

বিগত বর্ষৰ দৰে এইবাৰ গোলাঘাট জিলাৰ দুৱৰণী শ্যাম গাঁৱত টাই-আইতন জাতীয় পৰিষদৰ উদ্যোগত আৰু চাৰিও টাই জনগোষ্ঠীৰ উপৰিও টাই-খামতি জনগোষ্ঠীৰ সহযোগত পয়-পি-মাউ-টাই ২১২০ বর্ষ উদ্যাপন কৰিছে।

টাই নৱবৰ্ষৰ আদৰণি অনুষ্ঠানৰ পুৱা পতাকা উত্তোলনৰ লগতে অনুস্থিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পিছত সদৌ মান (টাই ভাষী) সমন্বয়ৰক্ষী সমিতিৰ সভাপতি মানচাও চানু শ্যামৰ সঞ্চালনাত অনুস্থিত মুকলি সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বুৰঞ্জী আৰু প্ৰত্নতত্ব অধ্যয়ন সঞ্চালকালয়ৰ সঞ্চালক সংগীতা গগৈয়ে বক্তৱ্য আগবঢ়াই।লগতে অনুষ্ঠানত টাই আইতন জাতীয় পৰিষদ, টাইফাকে জাতীয় পৰিষদকে আদি কৰি  আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale