অসম চৰকাৰে ৰোপণ কৰা গছ পুলি কাটিলে নগাই
চৰকাৰে সপোন দেখিছিল উৰিয়ামঘাটত অৰণ্য হ'ব। বন বিভাগে ৰোপণ কৰা গছপুলি কাটিল নগাই। অসম চৰকাৰ আৰু বন বিভাগে ৰোপণ কৰিছিল গছ পুলিসমূহ।
পুনৰ উত্তপ্ত উৰিয়ামঘাট ৰেংমা বনাঞ্চল। ৰেংমা বনাঞ্চলৰ উচ্ছেদস্থলীত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। অসম চৰকাৰে ৰোপণ কৰা গছ পুলি কাটিলে নগাই। অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট সোনাৰীবিল অঞ্চলত বন বিভাগে ৰোপণ কৰা গছ পুলি কাটিলে নগা দুৰ্বৃত্তই । শতাধিক নগা দুৰ্বৃত্তই এফালৰ পৰা ৰোপন কৰা গছপুলিসমূহ কাটি পেলাল।নিৰ্বিকাৰ ভূমিকাত অসম প্ৰশাসন ।

0 Comments