সৰুপথাৰ নগৰৰ চাজিদ মোবাইল ষ্টৰত চুৰিকাণ্ড।
যোৱানিশা সৰুপথাৰ নগৰৰ চাজিদ মোবাইল ষ্টৰত পুনৰ এক চুৰিকাণ্ড সংঘটিত হয়। সৰুপথাৰ নগৰৰ ৰেলৱে ক্ৰচিঙৰ সমীপত থকা মোবাইল দোকানখনত চোৰে দোকানৰ জাপ আৰু তলা ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু কিছু সংখ্যক কিপেড মোবাইল, স্পীকাৰ, ব্লুটুথ, হেডফোন ইত্যাদি সামগ্ৰী লৈ উধাও হয়। জানিব পৰা মতে চাজিদ মোবাইল ষ্টৰ নামৰ দোকানখনত ইয়াৰ পূৰ্বেও দুবাৰমান চুৰিকাণ্ড সংঘটিত হৈছিল। দোকনাৰ স্বত্বাধিকাৰীয়ে পুৱা ৭মান বজাত খবৰটো লাভ কৰি নিজ দোকানত উপস্থিত হয়। বৰ্তমান সৰুপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত পক্ৰিয়া আৰম্ভ কৰিছে।

0 Comments