সৰুপথাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এবছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সৰুপথাৰতো গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে। সৰুপথাৰ নগৰৰ ৰাজহুৱা খেলপথাৰৰ পৰা সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰাৰে যোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক বড়ো ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়। তেওঁলোকে বিটিআৰ চুক্তিৰ সফল ৰূপায়ণৰ বাবে অসম চৰকাৰ ওচৰত দাবী জনাই আৰু বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে এখনি ২০দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ সৰুপথাৰ সমজিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।

0 Comments