সৰুপথাৰত আজিৰে পৰা মুকলি হৈছে এখন নতুন হোমিঅ'পেথী ক্লিনিক
সৰুপথাৰবাসীৰ বাবে ভাল খবৰ। সৰুপথাৰ নগৰত আজিৰে পৰা মুকলি হৈছে ভাইটালিটি ৰিভাইভেল নামেৰে এখন অত্যাধুনিক হোমিঅ'পেথী ক্লিনিক। সৰুপথাৰ নগৰৰ ৰাজহুৱা খেলপথাৰৰ সমীপত তথা বন বিভাগৰ কাৰ্যালয় আৰু চ্যুকাফা উদ্যানৰ সন্মুখত আৰম্ভ কৰা এই অত্যাধুনিক হোমিওপেথি ক্লিনিক খনত Bachelor of Homeopathic Medicine and Surgery তথা মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত, হোমিঅ'পেথীক পৰামৰ্শদাতা ডা: ভাৰজিনীয়া দাস কটকীয়ে চিকিৎসা সেৱা আগবঢ়াব। ইয়াৰ উপৰি এই হোমিওপেথি ক্লিনিকত ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰ পৰীক্ষা কৰাৰ লগতে সকলো ৰোগৰ অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়োৱা হব। ইফালে এই ক্লিনিকত প্ৰতিটো ৰোগৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ঔষধ উপলব্ধ কৰা হৈছে। আজি পুৱাৰ ভাগত বিশিষ্ট শিক্ষাবিদ প্ৰদীপ কটকীয়ে ফিটা কাটি হোমিওপেথি ক্লিনিকখনৰ শুভাৰম্ভ কৰে। সেয়েহে সৰুপথাৰবাসী ৰাইজে এতিয়াৰে পৰা যিকোনো হোমিঅ' চিকিৎসাৰ বাবে ভাইটালিটি ৰিভাইভেল নামৰ হোমিওপেথি ক্লিনিক খনলৈ আহি ডা: ভাৰজিনীয়া দাস কটকীৰ ওচৰত চিকিৎসা কৰাৰ লগতে ঔষধ ক্ৰয় কৰিব পাৰিব। যোগাযোগ নম্বৰ 9954588410

0 Comments