Header Ads Widget

Responsive Advertisement

সোণৰ পদকেৰে জিলিকিল গেলাবিলৰ কৃষ্ণা দত্ত | Barpathar Gelabil News Today | Barpathar Latest News


সোণৰ পদকেৰে অল ইণ্ডিয়া কাৰাটেত জিলিকিল কৃষ্ণা দত্ত।

সৰুপথাৰ সমজিলাৰ বাবে পুনৰ এক ভাল খবৰ। গেলাবিল ওপৰ লাংঠাৰ বাসিন্দা ৰন্টু দত্ত আৰু দিপালী কলিতাৰ জীয়ৰী কৃষ্ণা দত্তই যোৰহাট মঘাই উজা কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অষ্টম সংখ্যক অল ইণ্ডিয়া কাৰাটে এণ্ড অপেন মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। মাত্ৰ চাৰিমাহ দিন প্ৰশিক্ষণ গ্ৰহণ কৰি ক্ৰীড়া জগতৰ প্ৰথমটো খোজতেই কৃষ্ণা দত্তয়ে বৃহৎ সফলতা লাভ কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে সমগ্ৰ গেলাবিল অঞ্চল। কণমানি কৃষ্ণাই বিগত চাৰিমাহ ধৰি প্ৰশিক্ষক ভূপাল ৰাইৰ অধীনত বৰপথাৰ অঞ্চলৰ বি এম এচ স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। দহ বছৰীয়া কৃষ্ণা দত্ত পিএম শ্ৰী গেলাবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale