অল ইণ্ডিয়া কাৰাটে প্ৰতিযোগিতাত বৰপথাৰ কিক বক্সিং এণ্ড চাওলীন কম্ফু একাডেমিৰ বৃহ সাফল্য।
পুনৰ এক সুখবৰে গৌৰৱান্বিত কৰিছে সৰুপথাৰ সমজিলাবাসীক। যোৱা ১৯অক্টোবৰ তাৰিখে যোৰহাট জিলাৰ মঘাই উজা কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অষ্টম সংখ্যক অল ইণ্ডিয়া কাৰাটে এণ্ড অপেন মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বীপ ২০২৫ প্ৰতিযোগিতাত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ বি এম এচ স্কুল প্ৰাঙ্গনত অৱস্থিত কিক বক্সিং এণ্ড চাওলীন কুম্ফু একাডেমিৰ পৰা মুঠ ১৮গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি ৬টা সোণ, ৭টা ৰূপ আৰু ৩টাকৈ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। প্ৰশিক্ষক ভূপাল ৰায়ৰ নেতৃত্বত যোৱা দলটোৰ বৃহৎ সফলতাত গৌৰৱান্বিত হৈ পৰিছে খেলুৱৈ সকলৰ অভিভাৱক সকলৰ লগতে বৰপথাৰ অঞ্চলবাসী। প্ৰশিক্ষক ভূপালয় ৰায়ৰ কিক বক্সিং এণ্ড চাওলীন কম্ফু প্ৰশিক্ষণ কেন্দ্ৰত প্ৰতিটো সপ্তাহৰ শনিবাৰ, দেওবাৰ আৰু সোমবাৰে বিয়লি ৪বজাৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। সেয়েহে ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে কিক বক্সিং, টাইকোৱাণ্ডো আৰু চাওলীন কম্ফুৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব বিছাৰিলে প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক ভূপাল ৰায়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ নম্বৰ 6002609607
.jpg)
0 Comments