হীৰক জয়ন্তী উপলক্ষে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন
পি,এম,শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আগন্তুক ২৬,২৭ আৰু ২৮ডিচেম্বৰ তাৰিখে বৰ্ণাঢ়্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া হীৰক জয়ন্তী উদযাপনৰ উপলক্ষে এখনি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন অনুষ্ঠিত হয়। সম্পাদক দ্বিপেন কুমাৰ বৰাই আঁত ধৰা সন্মিলনখনৰ সভাপতিত্ব কৰে হীৰক জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি মাধুৰ্য শইকীয়াই। বিদ্যালয়খনৰ অধ্যক্ষা তথা উদযাপন সমিতিৰ মুখ্য সম্পাদক মিতালী বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ তথা অধ্যাপক পলাশ সন্দিকৈয়ে। সভাখনত বিশেষকৈ পি,এম,শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগন্তুক হীৰক জয়ন্তী অনুষ্ঠানৰ ২৭ডিচেম্বৰ তাৰিখ দ্বিতীয় দিনা অনুষ্ঠিত হবলগীয়া প্ৰাক্তন ছাত্ৰ সমাৰোহ সন্দৰ্ভত বিশদ আলোচনা হয়। সন্মিলনত উপস্থিত অৱসৰপ্ৰাপ্ত শিক্ষক সিদ্ধেশ্বৰ শইকীয়া, নৰেন চুতীয়া, বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰা, শিক্ষাবিদ অমিয় কোঁৱৰ, অৱসৰী শিক্ষক নিৰঞ্জন ভট্টাচাৰ্য, প্ৰাক্তন ছাত্ৰ ভুৱন কোঁৱৰকে ধৰি বহু কেইজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বক্তব্য আগবঢ়াই।

0 Comments