Header Ads Widget

Responsive Advertisement

Campus Bazaar সৰুপথাৰ মহাবিদ্যালয়ত//Sarupathar college campus bazaar//Sarupathar college news today

 


সৰুপথাৰ মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ উদ্যোগত কেম্পাচ বজাৰ অনুষ্ঠিত


আজি সৰুপথাৰ মহাবিদ্যালয়ত এক কেম্পাচ বজাৰ অনুষ্ঠিত হয়।মহাবিদ্যালয়খনৰ বাণিজ্য শাখাৰ উদ্যোগৰ অনুষ্ঠিত হোৱা এই কেম্পাচ বজাৰত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সুস্বাদু খাদ্যৰ বিপণীৰ লগতে ফেশ্বন, শিল্পকলা, নানাৰঙী ফুল আৰু গেম কৰ্ণাৰ ইত্যাদি ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন সৃষ্টিশীল কৰ্মৰ প্ৰদৰ্শন কৰে। সৰুপথাৰ মহাবিদ্যালয়ত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হোৱা কেম্পাচ বজাৰে ছাত্ৰ-ছাত্ৰী সকলৰ ব্যৱসায়ীক জ্ঞান বৃদ্ধি কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰটো প্ৰেৰণা যোগাব। আনহাতে বাণিজ্য শাখাত যিহেতু তেওঁলোকৰ পাঠ্যক্ৰমত বজাৰৰ বিষয়টো আছে গতিকে এই কেম্পাচ বজাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল ব্যৱহাৰিক দিশত উপকৃত হোৱাৰ উপৰি তেওঁলোকৰ সৃষ্টিশীল ক্ষেত্ৰখনত আগুৱাই যোৱাত উৎসাহিত হব। আজি অনুষ্ঠিত হোৱা বজাৰখনত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে আন আন ছাত্ৰ-ছাত্ৰী সকল উপস্থিত হৈ তেওঁলোকক উৎসাহিত কৰাৰ লগতে বিপণী সমূহত ওলোৱা বিভিন্ন সুস্বাদু খাদ্যৰ জুতি লয়।

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale