সৰুপথাৰ মহাবিদ্যালয়ত সাহিত্যাচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰ মুকলি
সৰুপথাৰ মহাবিদ্যালয়ত আজিৰে পৰা নতুনকৈ সংযোজন হৈছে এটি আটক-ধুনীয়া গ্ৰন্থাগাৰ। নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ কৰা সাহিত্যাচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰটি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই। তেখেতে কয় পুথিভঁৰালৰ পৰা উপযুক্ত ব্যৱহাৰৰ দ্বাৰাহে আচল লাভলাভ কৰিব পাৰি। গতিকে ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ উচিত ব্যৱহাৰ কৰক। কাৰণ গ্ৰন্থ নাথাকিলে আমি জাতি জীয়াই ৰাখিব নোৱাৰোঁ। সৰুপথাৰ মহাবিদ্যালয়ৰ এই পুথিভঁৰালটোত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত ব্যৱস্থা কৰা ডিজিটাইজেশ্বন পদ্ধতিক আৰু পুথিভঁৰালটোৰ ভিতৰৰ পৰিৱেশক উপচাৰ্য গৰাকীয়ে উচ্চ প্ৰশংসা কৰে। অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীৰ লগত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° প্ৰাপ্তি ঠাকুৰ, সৰুপথাৰ মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকি সহযোগিতা আগবঢ়াই।

0 Comments