ঐতিহ্যমণ্ডিত মধ্যমপুৰ ৰাসৰ ব্যাপক প্ৰস্তুতি
সৰুপথাৰ সমজিলাৰ মধ্যমপুৰ হৰি মন্দিৰ প্ৰাঙ্গনৰ ৰাজহুৱা খেলপথাৰত আগন্তুক ৪নৱেম্বৰ তাৰিখৰ পৰা ১০নৱেম্বৰ তাৰিখলৈকে সপ্তাহযোৰাকৈ ৪২সংখ্যক মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱভাগি উদযাপন কৰা হব। ইতিমধ্যে ৰাস মহোৎসৱৰ সকলোবিলাক প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। উল্লেখিত দিনকেইটাত বিশেষ নাট্যগোষ্ঠীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন, মৃণ্ময় মূৰ্তি স্থাপন, নামনি অসমৰ এক বিশেষ নাট্য গোষ্ঠীৰ দ্বাৰা যাত্ৰা নাট প্ৰদৰ্শন, নাম-কীৰ্তন, ভাগৱত পাঠ, আধ্যাত্মিক ভক্তিৰসৰ চৈতন্য, ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান অন্বেষণৰ বাবে বিভিন্ন সাহিত্য প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, আমন্ত্ৰিত শিল্পীৰ সঙ্গীতানুষ্ঠান ইত্যাদি কাৰ্যসূচী সম্পন্ন কৰা হব। ইয়াৰ উপৰি উক্ত অনুষ্ঠানৰ মজিয়াত হিয়াৰ আমঠু জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰিছে। লগতে মধ্যমপুৰ হৰি মন্দিৰ ৰাজহুৱা খেলপথাৰত বিভিন্ন বাণিজ্য মেলাও থাকিব। সেয়েহে উদযাপন সমিতিয়ে সপ্তাহযোৰাকৈ আয়োজন কৰা এই মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱভাগলৈ সকলো ভক্তপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাইছে।

0 Comments