অসম নাগালেণ্ড সীমান্তৰ বি.চেক্টৰ চুঙাজান ১ নং দুৰ্গাপূৰত নগা দুৰ্বৃত্তই পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা
গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বি.চেক্টৰ চুঙাজান ১ নং দুৰ্গাপূৰত নগা দুৰ্বৃত্তৰ দলৰ অপহৰণ চেষ্টা । ১ নং দুৰ্গাপূৰৰ পাঁচাঙ লামা নামৰ যুৱকজনৰ গেলেমাল দোকানত দিনৰ ভাগৰ প্ৰায় ২ মান বজাত নীলা ৰঙৰ ৱেগেনা গাড়ী লৈ অহা নগা দুৰ্বৃত্তৰ দলটোৱে অৰ্তকৃতে প্ৰৱেশ কৰি দোকানখনৰ গৰাকী পাঁচাঙ লামাক পিষ্টল দেখুৱাই অপহৰণ কৰি নিবলৈ চেষ্টা কৰিছিল । দোকানী জনৰ সৈতে সেই সময়ত ওচৰৰে ফকৰুদ্দিন নামৰ এজন যুৱকৰ সৈতে দোকানত বহি কথাপাতি আছিল দোকানিজনে । নাওঘাট চাৰি আলিৰ দিশৰ পৰা ৱেগেনা বাহনত অহা নগা দুৰ্বৃত্তৰ দলটোৱে দোকান খনৰ গৰাকীক দোকানখনৰ পৰাই বাহিৰলৈ টানি চোঁচৰাই উলিয়াই আনিবলৈ লওঁতেই লগত বহিথকা ফকৰুদ্দিন নামৰ যুৱক জন পিছ দৰ্জাৰে ওলাই বিল্ডিংৰ পৰা জাপ দি পলাই কাষতে লাগি থকা পৰিয়ালৰ লোকক খবৰ দিয়ে । দোকানী জনেওঁ প্ৰাণৰ মমতাত চিঞৰ বাখৰ কৰাত ওলাই আহে পৰিয়ালৰ লোক । চিঞৰ বাখৰ কৰা দেখি মহিলা গৰাকীকো লক্ষ্য কৰি গুলিয়াবলৈ উদ্যত হয় নগা দুৰ্বৃত্ত দলটোৱে । চিঞৰ শুনি ওচৰ চুবুৰীয়া সকলো ওলাই অহাৰ পাছত নগা দুৰ্বৃত্তৰ দলটো পলায়ন কৰে সেই স্থানৰ পৰা । পৰৱৰ্তী সময়ত পাঁচাঙ লামা আৰু তেওঁৰ লগত থকা ফকৰুদ্দিন আলি গৈ চুঙাজান থানাত খবৰ দিয়ে।মন কৰিব লগা কথা যে দুয়ো ৰাজ্য অসম আৰু নগালেণ্ডৰ নিৰপেক্ষ বাহিনী হিচাপে থকা চি আৰ পি এফৰ ১৫৫ নং বেটেলিয়নৰ দুৰ্গাপূৰ শিবিৰলৈ ঘটনাস্থলীৰ পৰা মাত্র ৫০০ মিটাৰ দূৰ তাৰ স্বত্বেও কুম্ভ কৰ্ণ নিদ্ৰাত সীমান্তত থকা চি আৰ পি এফৰ বাহিনীৰ । জনসাধাৰণৰ নিৰাপত্তাক লৈ কোনো কান হাৰ নাই চি আৰ পি এফৰ । উক্ত ঘটনাক লৈ এতিয়া অসম নাগালেণ্ড সীমান্তত বৃদ্ধি পাইছে চেপা উত্তেজনা । যাৰ বাবে শেহতীয়াকৈ ঘটা উক্ত ঘটনাই পুনৰ এবাৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে সীমান্তত যে সুৰক্ষিত নহয় অসমৰ জনসাধাৰণ । সীমান্তবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্রদানত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে। কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ আৰু নাগালেণ্ডতো এন ডি এৰ চৰকাৰ থকাৰ পাছতো সীমান্ত বাসী ৰাইজক সুৰক্ষা প্ৰদান কৰিব নোৱাৰাটো চৰম ব্যৰ্থ অসম চৰকাৰ ।

0 Comments