ৰাজ্যত ব্যাপক হাৰত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ সময়চোৱাতে গোলাঘাট জিলা পৰিৱহণ বিভাগে জনসাধাৰণ তথা নৱপ্ৰজন্মৰ মাজত পথ সুৰক্ষাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিবলৈ গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ। শনিবাৰে গোলাঘাট জিলা পৰিৱহণ বিভাগে ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত এখনি সজাগতা সভাৰ আয়োজন কৰে। ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক বলিন চন্দ্ৰ বৰাই আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্বেৰবাহাদুৰ ছেত্ৰীয়ে। প্ৰায় দুই শতাধিক ছাত্ৰ=ছাত্ৰী উপস্থিত থকা পথ সুৰক্ষাৰ সজাগতা সভাখনিত গোলাঘাট জিলা পৰিৱহণ বিভাগৰ সহকাৰী প্ৰবৰ্তক পৰিদৰ্ষক ক্ষীৰোদ নেওগে পথ সুৰক্ষাক উদ্দেশ্যি ছাত্ৰ=ছাত্ৰী সকলৰ মাজত ঘণ্টাযোৰাকৈ যথেষ্টখিনি প্ৰয়োজনীয় কথা আৰু নীতি=নিয়ম অৱগত কৰে আৰু ছাত্ৰ=ছাত্ৰী সকলেও পৰিদৰ্শক গৰাকীৰ প্ৰতিটো কথা অতি মনোযোগেৰে শুনি গোলাঘাট জিলা পৰিৱহণ বিভাগক সম্পুৰ্ণ সহযোগিতা আগবঢ়াই। আনহাতে উক্ত সভাতে উপস্থিত কেইবাগৰাকীও বিষয়া কৰ্মচাৰীয়ে পথ সুৰক্ষাৰ ওপৰত ছাত্ৰ=ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। ছাত্ৰ=ছাত্ৰীৰ একাষাৰত বিদ্যালয়খনৰ দ্বাদশমান শ্ৰেণীৰ ছাত্ৰ পবিত্ৰ ফুকনে খুউব সাৱলীলভাৱে পথ সুৰক্ষাৰ বাবে ছাত্ৰ=ছাত্ৰীৰ কৰণীয় সম্পৰ্কত মন্তব্য আগবঢ়োৱাৰ লগতে পথ সুৰক্ষাৰ বাবে প্ৰতিটো নিয়ম মানি চলিবলৈ সংকল্প গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অনুষ্ঠানটিত নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ=ছাত্ৰী সকলৰ সহযোগিতা আৰু শৃংখলাবদ্ধতাত গোলাঘাট জিলা পৰিৱহণ বিভাগ আৰু ধনশিৰি জিলা কৰ্মচাৰী পৰিষদে বিশেষভাৱে শলাগ আৰু কৃতজ্ঞতা জনাই।
0 Comments