Header Ads Widget

Responsive Advertisement

সৰুপথাৰত ডকাইতি কাণ্ড, প্ৰায় এক লাখ বিশহাজাৰ নগদ ধন লৈ উধাও || Sarupathar Breaking News || News





সৰুপথাৰৰ ডাকঘৰত ডকাইতি কাণ্ড।প্ৰায় এক লাখ বিশহাজাৰ নগদ ধন লৈ উধাও।

সৰুপথাৰ আৰক্ষী থানাৰ নিচেই ওচৰতে থকা সৰুপথাৰ নগৰৰ ডাকঘৰত ডকাইতি কাণ্ড। এটি তিনিজনীয়া অচিনাকি দুৰ্বৃত্তৰ দলে সংঘটিত কৰে এই ডকাইতি কাণ্ড। সৰুপথাৰ ডাকঘৰৰ পষ্ট মাষ্টৰ যাদৱ বৰাই জনোৱা মতে বিয়লি প্ৰায় ৩ বাজি ৪৫মিনিট মান সময়ত তিনিজন অচিনাকি যুৱক ডাকঘৰটোলৈ আহে আৰু প্ৰথম অৱস্থাত যুৱক তিনজনে তেখেতৰ সৈতে ফিক্সড ডিপ'জিত সন্দৰ্ভত কথা বতৰা পাতে। কথা=বতৰাৰ মাজতেই এজন যুৱকে টেবুলত থোৱা পষ্ট মাষ্টৰৰ মোবাইল ফোনটোক লৈ টনা=আজোৰা লাগে আৰু আন এজনে পষ্ট মাষ্টৰক পিছফালৰ ধৰি ডাকঘৰৰ মজিয়াত বগৰাই পেলাই। পৰৱৰ্তী সময়ত যুৱক কেইজনে ইটো সিটো বস্তু খুচৰি প্ৰায় এক লাখ বিশ হাজাৰমান টকা লৈ উধাও হয়। পষ্ট মাষ্টৰ যাদৱ বৰাই তিনিও যুৱকক খেদা মাৰি গৈছিল যদিও  তেখেতক গোৰ মাৰি পলায়ন কৰে বুলি তেখেতে মন্তব্য কৰে। জানিব পৰা তথ্য মতে সৰুপথাৰ ডাকঘৰৰ এতিয়াও চিচি টিভি কেমেৰাৰ ব্যৱস্থা নাই। ইফালে উক্ত ঘটনাৰ পিছতেই সাধাৰণ ৰাইজৰ মাজত তীব্ৰ পতিক্ৰীয়াৰ সৃষ্টি হৈছে। যিহেতু সৰুপথাৰ আৰক্ষী থানাখন সৰুপথাৰ ডাকঘৰৰ পৰা প্ৰায় দুশ মিটাৰ মান দুৰতেই অৱস্থিত। আনহাতে আগন্তুক ৯ ডিচেম্বৰ তাৰিখে সৰুপথাৰ নগৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আহি কেইবাটাও কাৰ্যসূচীত ভাগ লব। তেনেস্থলত আৰক্ষীৰ নিৰাপত্তা কিয় কটকটীয়া হোৱা নাই তাক লৈও ৰাইজৰ মাজত প্ৰশ্ন উঠিছে।
 


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024