Header Ads Widget

Responsive Advertisement

সুললিত কণ্ঠৰে গীত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰা প্ৰতিভাৱান যুৱতী ৰশ্মি কুৰ্মী || Sarupathar Live


সুললিত কণ্ঠৰে গীত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰা প্ৰতিভাৱান যুৱতী ৰশ্মি কুৰ্মী।


এগৰাকী হাঁহিমুখীয়া যুৱতী। নাম ৰশ্মি কুৰ্মী। সৰুপথাৰ পদুমণিৰ বাসিন্দা ৰাজেশ্বৰ কুৰ্মী আৰু লতিকা তাচা কুৰ্মীৰ জীয়ৰী তেওঁ। ৰশ্মিয়ে সৰুৰে পৰাই গান গাই খুউব ভাল পাই। চতুৰ্থমান শ্ৰেণীত পঢ়ি থকা অৱস্থাৰ পৰাই ৰশ্মিয়ে গান গাবলৈ শিকিছিল। ৰশ্মিৰ সুললিত কণ্ঠত ফুটি উঠে অসমীয়া, হিন্দী, বাংলা, নেপালী, ভোজপুৰী, নাগপুৰী, উৰিয়া, আদিবাসী ইত্যাদি কেইবাটাও ভাষাৰ গান। জানিব পৰা অনুসৰি ৰশ্মিয়ে বৰপথাৰ সঙ্গীত মহাবিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি বিশাৰদ হৈছিল। ৰশ্মিয়ে বৰ্তমান গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিবেশন কৰাৰ লগতে নিজাববীয়াকৈ গীতো ৰিলিজ কৰিছে। অৱশ্যে ৰশ্মিক এই ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে পিতৃ=মাতৃয়ে যথেষ্টখিনি কষ্ট কৰিছে। আনহাতে ৰশ্মিয়ে শিক্ষাগত অৰ্হতা হিচাপে বি এচ চি নাৰ্ছিং পাছ কৰি বৰ্তমান সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত অস্থায়ীভাৱে নাৰ্ছৰ কাম কৰি আছে। তথাপিও তাই গীতৰ ক্ষেত্ৰতহে আৰু আগুৱাই যাব বিছাৰে। সেয়েহে ৰাইজৰ মৰম আৰু আশীৰ্বাদ কামনা কৰিছে।

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale