সৰুপথাৰ সমষ্টিৰ পূৱ সৰুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং লখিমী পথাৰ গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা। পৰিয়ালটোক বৰ্তমানলৈকে চৰকাৰী আঁচনিয়ে ঢ়ুকি নাই পোৱা। তিনিগৰাকী সদস্য থকা পৰিয়ালটোৰ ঘৰখন খেৰৰ চালি দিয়া এটি তেনেই সাধাৰণ ঘৰ। মাতৃ দিপালী শইকীয়া আৰু তেওঁৰ কন্যা বেবি শইকীয়া বৰ্তমান ঘৰখনত অকলে থাকে। সৰু পুত্ৰৰ বয়স বৰ বেছি নহলেও পৰিয়ালটো চলাবৰ বাবেই বেংগলৰত কোম্পানীত কাম কৰিবলৈ ওলাই গল। কিন্তু সি উপাৰ্জন কৰিলেও সেইয়া পৰিয়ালটোৰ বাবে পৰ্যাপ্ত নহয়। দিপালী শইকীয়াই আশা কৰ্মীৰ কাম কৰিছিল। কিন্তু চাৰি বছৰ আগতে স্বামী ঢ়ুকোৱাত সেই কামো বাদ দিলে। ইফালে দিপালী শইকীয়াৰ কন্যা বেবি শইকীয়া দিব্যাংগ হোৱাত মাতৃক সকলোফালৰ পৰাই দুখ আৰু চিন্তাই হেচা মাৰি ধৰিছে। বেবিৰ বৰ্তমান বয়স ৩২বছৰ। কিন্তু তাই জন্মগতভাৱে চুটি-চাপৰ হোৱাত বিশেষ কাম বন কৰিব নোৱাৰে। আনহাতে দিপালী শইকীয়াই ৰেচন কাৰ্ডৰ বাহিৰে বৰ্তমানলৈকে লাভ কৰা নাই অন্যান্য চৰকাৰী আঁচনি। চৰকাৰী ঘৰ, অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন একোৱেই লাভ কৰা নাই তেওঁ। কন্যা বেবি শইকীয়াইও বিকলাঙ্গৰ কোনো আঁচনি বা সা-সুবিধা লাভ কৰা নাই। স্বামী ঢ়ুকোৱাৰ পিছত কেৱল দুখতেই জীৱন কটাইছে পৰিয়ালটোৱে। সেয়েহে মাতৃ দিপালী শইকীয়া আৰু সমন্ধীয় ভতিজা তথা স্থানীয় ব্যক্তিয়ে কন্যা গৰাকীক সংস্থাপন দিয়াৰ লগতে পৰিয়ালটোক চৰকাৰী আঁচনি সমূহ দিয়াৰ বাবে স্থানীয় বিধায়ক আৰু অসম চৰকাৰৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা জনাইছে।
0 Comments