সৰুপথাৰত পৌৰসভা পৰ্যায়ত খেল মহাৰণ আৰম্ভ
অসমৰ চুকে-কোণে সিঁচৰতি হৈ থকা প্ৰতিভাসম্পন্ন খেলুৱৈ সকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লক্ষৰে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰম্ভ কৰা সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণ আজি সৰুপথাৰ স্থিত কুশল কোঁৱৰ ষ্টেডিয়ামত সৰুপথাৰ পৌৰসভা পৰ্যায়ত আৰম্ভ হয়। এই খেল মহাৰণ সমাৰোহত সৰুপথাৰ অঞ্চলৰ বিভিন্ন বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। আজি খেল মহাৰণত চাইকেল ৰেছিং, দবা প্ৰতিযোগিতা, কাবাডি, লৰা আৰু ছোৱালী উভয়ৰে মাজত ১০০মিটাৰ, ২০০মিটাৰ, ৪০০মিটাৰ, লং জাম্প ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱাৰ ভাগত সৰুপথাৰ পৌৰসভাৰ পৌৰপতি উষা আগৰৱালাই চাইকেল চলোৱা প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটিত সৰুপথাৰ পৌৰসভাৰ পৌৰপতি উষা আগৰৱালা, পৌৰসভাৰ কাৰ্যাবাহী বিষয়া নিকিতা বৰুৱা, বিশিষ্ট শাৰীৰিক নিৰ্দেশক শান্তনু গগৈ, অজয় চেতিয়া, ভৱানন্দ, লাহন, লাৱণ্য দুৱৰাকে ধৰি বহুকেইজন শাৰীৰিক নিৰ্দেশক, পৌৰসভাৰ কৰ্মচাৰী আৰু মেডিকেল টীম উপস্থিত থাকে।
0 Comments