Header Ads Widget

Responsive Advertisement

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024

 


সৰুপথাৰ সমজিলাৰ মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি।


ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ সমজিলাৰ মধ্যমপুৰ অঞ্চলতো ৰাস মহোৎসৱৰ চলিছে ব্যাপক প্ৰস্তুতি। ঐতিহ্যপূৰ্ণ মধ্যমপুৰ হৰি মন্দিৰৰ খেলপথাৰত আগন্তুক ১৪নৱেম্বৰ তাৰিখৰ পৰা ১৯নৱেম্বৰ তাৰিখলৈকে ৬দিনীয়াকৈ অনুষ্ঠিত হব এই ৰাস মহোৎসৱ। ইতিমধ্যে বিভিন্ন মঞ্চ নিৰ্মাণকে ধৰি নানান বিপণী, বাণিজ্য মেলাৰ বাবে দ্ৰুত গতিত চলি আছে কাম। উদযাপন সমিতিয়ে জনোৱা মতে এই ৰাস মহোৎসৱত মূলত মূৰ্তি ৰাস প্ৰদৰ্শন কৰা হয় আৰু আনুসংগিক হিচাপে গীতা পাঠ, ভাগৱত পাঠকে ধৰি মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰিব। মধ্যমপুৰ ৰাস মহোৎসৱ গোলাঘাট জিলাৰ ভিতৰতে এখনি অন্যতম ৰাস মহোৎসৱ। প্ৰতিবছৰেই এই ৰাস মহোৎসৱ উপভোগ কৰিবৰ বাবে স্থানীয় লোকৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ভীৰ কৰে। সম্প্ৰতি ৰাস মহোৎসৱৰ লগত সঙ্গতি ৰাখি বিভিন্ন সাহিত্য প্ৰতিযোগিতা, গীত, নৃত্য আৰু নানান সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। মন্ত্ৰী অতুল বৰা আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ উপৰিও ৰাস মহোৎসৱৰ দিনকেইটাত অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তি, অভিনেতা উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।


Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024