Header Ads Widget

Responsive Advertisement


সৰুপথাৰত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামৰ প্ৰতিকৃতি দাহ

A/N:ছয় জনগোষ্ঠী জনজাতি কৰণৰ দাবীৰে আজি সৰুপথাৰ নগৰত চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪চনতেই শাসনৰ গাদীলৈ অহাৰ আগতে চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা উল্লেখ কৰিছিল। কিন্তু আজি পৰ্যন্ত জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা লোৱা নাই। আনহাতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাক লৈ বৰ্তমানেও কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই বুলি স্পষ্টীকৰণ দিয়াৰ পাছতেই জাঙুৰ খাই উঠিছে চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতি। আজি মন্ত্ৰী গৰাকীক সকিয়নি প্ৰদান কৰি সংগঠনটোৱে সৰুপথাৰ নগৰৰ মাজমজিয়াত তেখেতৰ জুমুঠি দাহ কৰে। অনাগত দিনত অতি সোনকালে যদি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়া ইয়াতকৈও জংগী আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024