ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত তথা সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, বলিন ৰাজখোৱা স্মৃতি ৰক্ষা সমিতি আৰু ধনশিৰিবাসী ৰাইজৰ সহযোগত মঙ্গলবাৰে মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱা সোঁৱৰণী দিৱসৰ আয়োজন কৰে। চুকীয়াপথাৰ শ্বহীদ কুশল কোঁৱৰ হাইস্কুল প্ৰাঙ্গনত আয়োজন কৰা এই দিৱসটিত পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যঅৰ্পণেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে। উক্ত দিৱসৰ লগত সঙ্গতি ৰাখি ভকত বৈষ্ণৱৰ দ্বাৰা নাম=প্ৰসঙ্গ অনুষ্ঠানৰো আয়োজন কৰে। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আঠখনকৈ আঞ্চলিক সমিতিয়ে ভাষাৰ স্বাৰ্থত আত্মবলিদান দিয়া শ্বহীদ বলিন ৰাজখোৱাৰ স্মৃতিত সপ্তাযোৰাকৈ বিভিন্ন সাহিত্য=সংস্কৃতি আৰু সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে। ধনশিৰি মহকুমা ছাত্ৰ সন্থাই এইসমূহৰ যোগেদি মাধ্যম আন্দোলনৰ শ্বহীদ গৰাকীৰ বিষয়ে নৱপ্ৰজন্মক অৱগত কৰাই নিজৰ অসমীয়া ভাষাটোক আগুৱাই নিয়াৰ বাবেই এই অনুষ্ঠানৰ আয়োজন কৰিছে বুলি ব্যক্ত কৰে। অনুষ্ঠানটিত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ লগতে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, শ্বহীদ বলিন ৰাজখোৱাৰ পৰিয়ালবৰ্গ আৰু বহুকেইজন স্থানীয় ব্যক্তি উপস্থিত থাকে।
0 Comments