পাঁচ মাহে সন্ধানহীন ৩নং ৰজাপুখুৰীৰ মইনুল হক।
সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৩নং ৰজাপুখুৰী অঞ্চলৰ মইনুল হক নামৰ এজন ব্যক্তি পাঁচ মাহে সন্ধানহীন হৈ আছে। বিগত ১০/১২ধৰি মইনুল হকে অৰুণাচলত ৰাজমিস্ত্ৰীৰ কাম কৰি আছিল। মইনুলে প্ৰতিদিনেই ঘৰলৈ ফোনযোগে যোগযোগ কৰিছিল। কিন্তু জুন মাহত হৈ যোৱা ঈদৰ পিছৰে পৰা মইনুলে পৰিয়ালৰ লগত কোনোধৰণৰ যোগাযোগ কৰা নাই। পত্নী দিলাৰা বেগমে জনোৱা মতে তেওঁলোকে বহুত চেষ্টা কৰিও মইনুলৰ কোনো খবৰ উলিয়াব পৰা নাই। সেয়েহে তেওঁলোকে এমাহ পিছত উক্ত বিষয় সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰিছিল যদিও বৰ্তমান পাঁচ মাহ অতিক্ৰম কৰিলে যদিও মইনুলৰ কোনো শুংসূত্ৰ পোৱা নাই। আনহাতে মইনুলৰ পৰিয়ালত পত্নীৰ লগতে তিনিটিকৈ সন্তানো আছে। যাৰবাবে পৰিয়ালটি চলবিলৈ বৰ্তমান যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যোৱা পাঁচ মাহে মইনুলৰ মোবাইল ফোনটোও চুইটছ অফ হৈ আছে। যাৰবাবে পৰিয়ালটিৰ লোকসকল গভীৰভাৱে চিন্তিত হৈ পৰিছে। সেয়েহে কোনো সদাশয় লোকে মইনুলৰ কোনো সম্ভেদ পালে 8011624573 মোবাইল নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
0 Comments