সৰুপথাৰ গাঁৱৰ শ্ৰীশ্ৰী ৰাধাকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰ আৰু মন্দিৰৰ শুভ উদ্বোধন।
সৰুপথাৰ সম-জিলাৰ অন্তৰ্গত সৰুপথাৰ গাঁৱত নিৰ্মাণকাৰ্য্য সম্পুৰ্ণ হোৱা শ্ৰীশ্ৰী ৰাধাকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰ আৰু মন্দিৰভাগিৰ আজি আনুষ্ঠানিকতাৰ মাজেৰে শুভ উদ্বোধন সম্পন্ন হয়। গন্ধকৰৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সৰুপথাৰ গাঁওৰ এই শ্ৰীশ্ৰী ৰাধাকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰ আৰু মন্দিৰভাগিৰ শুভ উদ্বোধনী অনুষ্ঠানত পুৱাৰ ভাগত এক ধৰ্মীয় শোভাযাত্ৰাও সম্পন্ন কৰে। পৰৱৰ্তী সময়ত মন্দিৰটিৰ চৌহদত সম্পুৰ্ণ ধৰ্মীয় ৰীতি=নীতিৰ মাজেৰে ধৰ্ম ধ্বজা উত্তোলন কৰে আৰু বৃন্দাবনস্থিত পুৰণা কাঠিয়া আশ্ৰমৰ মহন্ত শ্ৰীশ্ৰী সদগুৰুদাস কাঠীয়া বাবা মহাৰাজজীয়ে শ্ৰীশ্ৰী ৰাধাকৃষ্ণ সাংস্কৃতিক কেন্দ্ৰ আৰু মন্দিৰৰ শুভ উদ্বোধন কৰাৰ লগতে মন্দিৰভাগিৰ দ্বাৰ উন্মোচন কৰে।
0 Comments