২০টাকৈ ছাগলী হত্যা।
২নং পদুমনি গাঁওত ঘটিল এক নিৰ্মম পশুধন হত্যাৰ ঘটনা। ধনশিৰি নদীৰ পাৰৰ চাপৰিত কোনো দুষ্ট লোকে পশু খাদ্য চাপৰৰ লগত কীটনাশক দৰৱ মিহলি কৰি খেতি পথাৰৰ ঠায়ে ঠায়ে ৰখাৰ ফলত গাওঁখনৰ কেবাটাও দৰিদ্ৰ পৰিয়ালৰ প্ৰায় বিশটাকৈ চৰণীয়া পশুধন ছাগলীৰ মৃত্যু হয়। স্থানীয় ৰাইজৰ অভিযোগ মতে নৰেন্দৰ সিং নামৰ এজন কৃষকে পশু খাদ্যৰ লগত কীটনাশক ঔষধ মিহলাই তেওঁৰ খেতিপথাৰৰ ঠায়ে ঠায়ে ৰাখিছিল। যাৰ ফলত চৰণীয়া ছাগলীয়ে কীটনাশক মিহলি পশুখাদ্য সমুহ খাই অসুস্থ হৈ পৰৱৰ্তী পৰ্যায়ত মৃত্যু হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নৰেন্দৰ সিং নামৰ কৃষক গৰাকী আৰু তেওঁৰ পত্নীয়ে মৃত ছাগলী কেইটাৰ প্ৰায় বোৰ ধনশিৰি নদীত উটুৱাই দিয়ে। নৰেন্দৰ সিং নামৰ কৃষক গৰাকীৰ কাম কাজত প্ৰায়ে অতিষ্ঠ হৈ আহিছে স্থানীয় ৰাইজ। ৰাইজে স্থানীয় গাওঁবুঢাৰ সহযোগত সৰুপথাৰ আৰক্ষী থানাত উক্ত ঘটনা সন্দৰ্ভত গোচৰ দিয়ে যদিও বৰ্তমান সময়লৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই।
0 Comments