Header Ads Widget

Responsive Advertisement

Sarupathar nalani news 2024



ব্যক্তিগত সুবিধাৰ বাবেই পথৰ কাষৰ গছ কাটিলে এজন ব্যৱসায়ীয়ে।#বিশ্ব পৰিৱেশ দিৱসৰ দুদিন পিছতেই বন ধ্বংসত লিপ্ত সৰুপথাৰৰ ব্যৱসায়ী।



সমগ্ৰ বিশ্বজুৰি যোৱা ৫জুন তাৰিখে হৈ গল বিশ্ব পৰিৱেশ দিৱস। হাজাৰ হাজাৰ মানুহ, দল=সংগঠন, বিভিন্ন প্ৰতিষ্ঠানৰ লগতে বহুতো প্ৰকৃতি প্ৰেমিয়ে ৰোপণ কৰিলে বিভিন্ন মূল্যবান গছ। কিছুদিন ধৰি ৰাজ্যত গৰমৰ প্ৰকোপত মানুহৰ লগতে বিভিন্ন জীৱ=জন্তুৰ অত্যাধিক কষ্ট হৈছে। কিন্তু কিছুমান লোকৰ বাবে এইবোৰ যেন লৰা=ধেমালিহে। সেই কথাষাৰকে প্ৰমাণ কৰিছে সৰুপথাৰৰ এজন ব্যৱসায়ীয়ে। সৰুপথাৰ সমষ্টিৰ নাওজান পথত থকা নলনীৰ *পবন আগৰৱালা* নামৰ এজন ব্যৱসায়ীয়ে তেওঁৰ ধান মিলৰ সন্মুখত থকা পথৰ কাষৰ দুই=তিনিজোপাকৈ সোণাৰু গছ গুৰিতে কাটি বগৰাই পেলালে। হালধিয়া বৰণেৰে জিলিকি থকা পথৰ কাষৰ সোণাৰু কেইজোপা নিমিষতে ধ্বংস কৰিলে তেওঁ। জানিব পৰা তথ্য অনুসৰি সৰুপথাৰ নাওজান পথৰ নলনী অঞ্চলত পবন আগৰৱালা নামৰ এজন ব্যৱসায়ীয়ে বহুবছৰ ধৰি এটি ধানৰ মিলৰ ব্যৱসায় কৰি আছিল। তেওঁৰ মিলৰ সন্মুখত আছিল বিদ্যুতৰ খুটাৰ লগতে বিদ্যুৎ পৰিবাহী তাৰ। সেই তাৰকেইদালৰ তলতে থকা দুজোপামান সোণাৰু গছে ঠাই ডোখৰৰ সৌন্দৰ্যবৰ্ধন কৰি ৰাখিছিল। কিন্তু ব্যৱসায়ীজনে মিলত কাৰেণ্টৰ কিছু অসুবিধা পোৱাৰ হেতু কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবেই বন বিভাগৰ কোনো অনুমতি নোলোৱাকৈয়ে নাওজান বন বিভাগৰ এলেকাত থকা গছ কেইজোপা মানুহ লগোৱাই কটাই দিলে। দৈনিক লক্ষ্য লক্ষ্য টকাৰ ব্যৱসায় কৰি থকা লোকজনে হেনো নাজানে এইক্ষেত্ৰত বন বিভাগৰ অনুমতি লব লাগে বুলি। ইফালে সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলৰ উপ প্ৰবন্ধক গৰাকীয়ে হেনো তেওঁক লাইনৰ তলৰ গছ চফা কৰিবলৈ অনুমিত প্ৰদান কৰি মেচেজ প্ৰদান কৰিছিল। এটা মেচেজৰ ভিত্তিতেই এনেদৰে বন ধ্বংস কৰাটো কিমানদুৰ যুক্তিসংগত সেইয়া লক্ষণীয়। আনহাতে মিলটোৰ দ্বাৰা পৰিৱেশ প্ৰদুষিত হোৱাৰ লগতে দাতি=কাষৰীয়া লোকসকলৰ জীৱন=যাপনতো ব্যাঘাট জন্মাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। মিলটোৰ পৰা ফলীয়া তোঁহ উৰি মানুহৰ ঘৰ=দুৱাৰ লেতেৰা কৰাৰ লগতে কাপোৰ এটা মেলিবলৈকো উপায়হীন হৈ পৰিছে ওচৰ=চুবুৰীয়া। ঘটনাৰ পিছত বৰ্তমান জাঙোৰ খাই উঠিছে বিভিন্ন দল=সংগঠন। সদৌ অসম ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিকে সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত বিছাৰি আৰক্ষী থানাত এখন এজাহাৰ দিয়াৰ লগতে ধনশিৰি মহকুমাৰ মহকুমাধিপতি, জিলা বন বিষয়া আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক গৰাকীলৈ একোখনকৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৱাশীষ শৰ্মাই গোটেই ঘটনাটোৰ ওপৰত সঠিক বিচাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুঙ্কাৰ প্ৰদান কৰে।

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024