Header Ads Widget

Responsive Advertisement

Peris Handique



 মধ্যপ্ৰদেশৰ ইন্দোৰত ২ফেব্ৰুৱাৰীৰ পৰা ৫ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা অল ইণ্ডিয়া মুৱাইথাই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা ধনশিৰি মহকুমাৰ মৰাণ গাঁও নিবাসী ভোগেশ্বৰ সন্দিকৈ আৰু পাপৰি সন্দিকৈৰ কনিষ্ঠা কন্যা তথা সৰুপথাৰ দয়ানন্দ বিদ্যা নিকেতনৰ ছাত্ৰী পেৰিচ সন্দিকৈক সম্বৰ্ধনা আৰু মৰম যাচিবলৈ শনিবাৰে বিয়লি তেওঁলোকৰ ঘৰত উপস্থিত হয় চাৰিখনকৈ গাওঁৰ মহিলা। টেঙাহোলা, মৰাণ গাঁও, নাহৰণী আৰু পদুমণী গাঁওৰ বিভিন্ন কামত জড়িত থকা মহিলাসকলৰ লগতে দল=সংগঠন তথা পঞ্চায়তৰ অন্তৰ্গত জীৱিকা সখি আৰু কৃষি সখিৰ দায়িত্বত থকা মহিলাসকল উপস্থিত হৈ পেৰিচক ফুলাম গামোচাৰ লগতে নানান উপহাৰৰ টোপোলা প্ৰদান কৰি মৰম যাচে আৰু উৎসাহিত কৰে। সৰ্বমুঠ ৫৭টা পদকেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰা ৮৩জনীয়া অসমৰ দলটিত ধনশিৰি মহকুমাৰ পৰা এটি ৫০জনীয়া দলে অংশ গ্ৰহণ কৰিছিল। অসম দলটিক প্ৰতিনিধিত্ব কৰিছিল প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাস, শুভম চৌধুৰী আৰু ঝংকাৰ গগৈ।


Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024